/asomiyapratidin/media/media_files/2025/09/20/371-2025-09-20-03-24-43.jpg)
ডিজিটেল সংবাদ, গুৱাহাটী : কালজয়ী কণ্ঠশিল্পী, সুৰকাৰ, গীতিকাৰ, সংগীত পৰিচালক, অভিনেতা, চলচ্চিত্ৰ পৰিচালক, চলচ্চিত্ৰ প্ৰযোজক তথা চিত্ৰনাট্যকাৰ অসমবাসীৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত গুৱাহাটী বিশ্ববিদ্যালয় পৰিয়ালবর্গই গভীৰ শোক প্ৰকাশ কৰিছে। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক ননী গোপাল মহন্তই হাৰ্টথ্ৰৱগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰি গুৱাহাটী বিশ্ববিদ্যালয়ৰ হৈ তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছে।
জুবিন গাৰ্গৰ মৃত্যুত বটদ্ৰৱা থানত ভকত বৈষ্ণৱ, আইমাতৃৰ শোক প্ৰকাশ
"ৰবচোন, এতিয়াই বিদায় নিদিওঁ তাক। ক’ৰ পৰা বিদায় দিম। অন্তৰে নকয়, সময় ইমান সোনকালে কমি যাব নেকি?" জুবিন অনুৰাগীয়ে কবিতাৰে বটদ্ৰৱা থানৰ দুৱাৰমুখৰ পৰা শেষ শ্ৰদ্ধাঞ্জলি জনালে শিল্পী ধ্ৰুবজ্যোতি কলিতাই।
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অকাল মৃত্যুত সমগ্ৰ ৰাজ্যৰ লগতে বটদ্ৰৱা থানৰ সত্ৰাধিকাৰ অম্লানজ্যোতি দেৱগোস্বামী, ভকত বৈষ্ণৱ, আইমাতৄসকল গভীৰ শোক প্ৰকাশ কৰিছে। তাৰোপৰি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ উৰিয়াগাঁও আঞ্চলিক সমিতিৰ দ্বাৰা শ্বহীদ বেদীৰ সন্মুখত বন্তি প্ৰজ্বলন কাৰ্যসূচী সম্পন্ন কৰা হয়।