/asomiyapratidin/media/media_files/2025/08/22/aca-22-2025-08-22-23-34-10.jpg)
ডিজিটেল ডেস্কঃ অসমৰ ক্ৰিকেট অনুৰাগীৰ বাবে ভাল খবৰ। আগন্তুক আই চি চি মহিলা বিশ্বকাপৰ উদ্বোধনী মেচখনেই অনুষ্ঠিত হ’ব গুৱাহাটীত। আই চি চিয়ে প্ৰকাশ কৰা সংশোধিত সূচী অনুসৰি ৩০ ছেপ্তেম্বৰত উদ্বোধী মেচখন অনুষ্ঠিত হ’ব ভাৰত আৰু শ্ৰীলংকাৰ মাজত।
অসম ক্ৰিকেট সন্থাৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগীয়া এই উদ্বোধনী মেচখনৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে অসম ক্ৰিকেট সন্থাই। উল্লেখ্য যে আই চি চি মহিলা বিশ্বকাপ-২০২৫ ৰ মুঠ পাঁচখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত।
৩০ ছেপ্তেম্বৰৰ উদ্বোধনী অনুষ্ঠানৰ পিছত ৩ অক্টোবৰত ইংলেণ্ড আৰু দক্ষিণ আফ্ৰিকা, ৭ অক্টোবৰত ইংলেণ্ড আৰু বাংলাদেশ, ১০ অক্টোবৰত নিউজিলেণ্ড আৰু বাংলাদেশৰ মাজত মেচ অনুষ্ঠিত হ’ব। তাৰোপৰি গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত ২৯ তাৰিখে এখন ছেমি ফাইনেল মেচো অনুষ্ঠিত হ’ব।