কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ উদ্যোগত শ্বহীদ মণিৰাম দেৱান দিৱস পালন

কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ উদ্যোগত অসম বাণিজ্য উন্নয়ন সংস্থাৰ সহযোগত আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ আতিথ্যত বৃহস্পতিবাৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ গুৱাহাটীত শ্বহীদ মণিৰাম দেৱান দিৱস' পালন কৰা হয়।

author-image
Asomiya Pratidin
New Update
MANIRAMM,MM

ডিজিটেল সংবাদ, মিৰ্জাঃ কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ উদ্যোগত অসম বাণিজ্য উন্নয়ন সংস্থাৰ সহযোগত আৰু গুৱাহাটী মহানগৰ জিলা সমিতিৰ আতিথ্যত বৃহস্পতিবাৰে মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ গুৱাহাটীত শ্বহীদ মণিৰাম দেৱান দিৱস' পালন কৰা হয়। এই উপলক্ষে বৃহস্পতিবাৰে পুৱা সন্মিলনৰ পতাকা উত্তোলন কৰে কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ সভাপতি ডাঃ পবিন্দ্ৰ নাথ তালুকদাৰে, স্মৃতি তর্পণ কৰে সন্মিলনৰ মুখ্য উপদেষ্টা কনোৰাম কলিতাই, কুমাৰ ভাস্কৰ বৰ্মাৰ প্ৰতিচ্ছবিত বন্তি প্রজ্বলন আৰু মাল্যার্পন কৰে কাৰ্যকৰী সভাপতি ভূৱনেশ্বৰ কলিতাই, মাল্যার্পন কৰে শিক্ষা সম্পাদক নগেন কলিতাই, শ্বহীদ মণিৰাম দেৱানৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰে উপদেষ্টা গণেশ তামুলীয়ে। 

দুপৰীয়া অসম বাণিজ্য উন্নয়ন সংস্থাৰ উপাধ্যক্ষ মধুৰাম ডেকাৰ সঞ্চালনাত অনুষ্ঠিত আলোচনা সত্ৰ উদ্বোধন কৰে কলিতা উন্নয়ন পৰিষদৰ অধ্যক্ষ ডাঃ ৰাজেন চন্দ্ৰ কলিতাই। এই সভাত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই অংশগ্ৰহণ কৰি মণিৰাম দেৱানৰ জীৱন দৰ্শনৰ বিষয়ত কয়। তেওঁ মণিৰাম দেৱানে অসমীয়া জাতিক মহিয়ান কৰিছে বুলি উল্লেখ কৰে। 

এই সভাত আলোচক হিচাপে অখিল ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হেমন্ত ধিং মজুমদাৰে অংশগ্ৰহণ কৰি অসমৰ প্ৰথম গৰাকী চাহ খেতিয়ক মণিৰাম দেৱানৰ যি ত্যাগ তাৰ বিষয়ে কয়। বৃটিছে মণিৰাম দেৱানক অন্যায় কৰি মাৰি পেলোৱা বুলি উল্লেখ কৰে। 

সভাত সন্মানীয় অতিথি হিচাপে অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকাকে ধৰি বহু কেইজন বিশিষ্ট লোক উপস্থিত থাকি ভাষণ প্ৰদান কৰে। লগতে এই দিৱসতে অসমৰ বিভিন্ন দিশত খ্যাতি অৰ্জন কৰা বিশিষ্ট লোকক সম্বৰ্ধনা জনোৱা হয়।

গুৱাহাটী