/asomiyapratidin/media/media_files/2026/03/09/jhgjhhjhhjhk-2026-03-09-19-25-15.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ কাইলৈ পুৱা ১০ বজাত কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ ১৫ সংখ্যক বাৰ্ষিক অধিৱেশনৰ "লাইখুঁটা" স্থাপন কৰা হ'ব। কাহিলীপাৰাস্থিত জ্যোতি চিত্ৰবনত কাহিলীপাৰা শতদল সাহিত্য সভা, জাপৰিগোগ শতদল সাহিত্য সভা আৰু দিশপুৰ সাহিত্য সভাৰ সহযোগত ১৪-১৫ মাৰ্চত দুদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত হব লগা মহানগৰ জিলা সাহিত্য সভাৰ লাইখুঁটা স্থাপন অনুষ্ঠানটি সম্পন্ন কৰিব আদৰণি সমিতিৰ সভাপতি ভূপেন্দ্ৰ চন্দ্ৰ শৰ্মাই।
অনুষ্ঠানত জিলা সাহিত্য সভাৰ সভাপতি প্ৰফুল্ল বৰ্মন, সম্পাদক অৰুণ কুমাৰ মহন্ত সমন্বিতে সভাৰ কৰ্ণধাৰ সমিতি, কাৰ্যনিৰ্বাহক সদস্য, উপ-সমিতিসমূহৰ কাৰ্যকৰী সভাপতি- আহ্বায়কসকল, ভিন ভিন শাখাৰ সভাপতি- সম্পাদক সকল আদি উপস্থিত থাকিব বুলি আদৰণি সমিতিৰ সম্পাদক বিতুমণি গোস্বামী, প্ৰচাৰ সম্পাদক দীপক শৰ্মাই জানিব দিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us