ৰাজ্যৰ ১০ গৰাকী সাংবাদিকক ফেল'শ্বিপ প্ৰদান গুৱাহাটী প্ৰেছ ক্লাবৰ

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দিনজোৰা কাৰ্যসূচীৰে উদযাপিত কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰেছ ক্লাবৰ  সভাপতি খগেন কলিতাই ৰাজ্যৰ ১০ গৰাকী সাংবাদিকক ফেল'শ্বিপ প্ৰদানৰ কথা ঘোষণা কৰে।

author-image
Asomiya Pratidin
New Update
WhatsApp Image 2025-11-16 at 6.11.30 PM

ডিজিটেল ডেস্ক : দেশৰ বিভিন্ন প্ৰান্তৰ লগতে দেওবাৰে গুৱাহাটী প্ৰেছ ক্লাবত দিনযোৰা কাৰ্যসূচীৰে উদযাপিত হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ উপলক্ষে আয়োজিত এক অনুষ্ঠানত প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই ৰাজ্যৰ ১০ গৰাকী সাংবাদিকক ফেল'শ্বিপ প্ৰদানৰ কথা ঘোষণা কৰে।

পৰিৱেশ, স্বাস্থ্য, ক্ৰীড়া, মানৱ অধিকাৰ, কৃষি, Gender Equality, গ্ৰন্থ, শাসন আৰু ৰাজনীতি, কলা-সংস্কৃতি, ফটো আৰু ভিডিঅ' এই দহটা বিষয়ত অধ্যয়ন তথা সংবাদ পৰিৱেশনৰ বাবে নিৰ্বাচিত হোৱা ১০ গৰাকী সাংবাদিকক প্ৰেছ ক্লাবৰ তৰফৰ পৰা ৫০ হাজাৰকৈ টকা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই আঁত ধৰা অনুষ্ঠানটোৰ আৰম্ভণিতে অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ লগতে ৰাজ্যত মৃত্যুবৰণ কৰা জ্ঞাত-অজ্ঞাত প্ৰতিগৰাকী সাংবাদিকলৈ শ্ৰদ্ধাঞ্জলি অৰ্পন কৰে।

আনহাতে ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ দিনটোতে গুৱাহাটী প্ৰেছ ক্লাবত শুভাৰম্ভণি হয় সংবাদমেল তথা অনুষ্ঠানসমূহৰ পোনপটীয়া সম্প্ৰচাৰ (Live Streaming)ৰ ব্যৱস্থা। এই কাৰ্যসূচীৰ শুভাৰম্ভণি কৰে নিউজ লাইভৰ মুখ্য পৰিচালন সম্পাদক চৈয়দ জাৰিৰ হুছেইনে। নিজৰ ভাষণত হুছেইনে গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সমিতিয়ে গ্ৰহণ কৰা পদক্ষেপসমূহক প্ৰশংসা কৰাৰ লগতে সংবাদ জগতলৈ আহি থকা সুবিধা আৰু প্ৰত্যাহ্বানসমূহৰ বিষয়ে নৱ প্ৰজন্মৰ সাংবাদিকসকলক শিক্ষিত আৰু সজাগ কৰাৰ বাবে কৰ্মশালা, প্ৰশিক্ষণ শিবিৰৰ লগতে আলোচনাচক্ৰ আয়োজন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়।

WhatsApp Image 2025-11-16 at 6.01.01 PM

একেদৰে প্ৰেছ ক্লাবে গ্ৰহণ কৰা পদক্ষেপসমূহ কাৰ্যকৰী কৰাৰ লগতে সাংবাদিকসকলৰ স্বাস্থ্য বিষয়ক সমস্যাসমূহত সহায়ক হোৱাকৈ এটা 'কৰ্পাছ ফাণ্ড' গঠন কৰিবলৈ প্ৰেছ ক্লাবৰ নেতৃত্বক আহ্বান জনায়। ইয়াৰ পিছতেই প্ৰেছ ক্লাবে আয়োজন কৰা আন্ত: সংবাদ প্ৰতিষ্ঠান প্ৰাইজমানি কুইজ প্ৰতিযোগিতাৰ শুভ উদ্বোধন কৰে নিউজ ১৮ অসম নৰ্থ ইষ্টৰ মুখ্য সম্পাদক পৰাগমণি আদিত্যই।

তেওঁ নিজৰ ভাষণত কুইজৰ দৰে অনুষ্ঠানসমূহে সাংবাদিকসকলৰ বৌদ্ধিক উৎকৰ্ষ সাধনত সহায় কৰিব বুলি মন্তব্য কৰে। দীপাংকৰ কৌশিকে পৰিচালনা কৰা এই কুইজ প্ৰতিযোগিতাত মুঠ ১৪ টা দলে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে অসমীয়া প্ৰতিদিন, দ্বিতীয় স্থান দৈনিক জনমভূমি আৰু তৃতীয় স্থান আকাশবাণী গুৱাহাটী দলে লাভ কৰে। বিজয়ী দলসমূহক নগদ ধন, মানপত্ৰ, ট্ৰফীৰে পুৰস্কৃত কৰা হয়।

ইয়াৰোপৰি ৰাষ্ট্ৰীয় প্ৰেছ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যৰ ৫ গৰাকী প্ৰবীণ সাংবাদিককো সম্বৰ্ধনাৰ এক কাৰ্যসূচী হাতত লয় গুৱাহাটী প্ৰেছ ক্লাবৰ নৱনিৰ্বাচিত সমিতিয়ে। সেই অনুসৰি দেওবাৰে প্ৰবীণ সাংবাদিক প্ৰেমধৰ শৰ্মা, হাইদৰ হুছেইন আৰু কনকসেন ডেকাক প্ৰেছ ক্লাবৰ তৰফৰ পৰা গামোচা, চেলেং, জাপি, শৰাই আৰু মান পত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। আটাইকেইগৰাকী পুৰোধা সাংবাদিকৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছে গুৱাহাটী প্ৰেছ ক্লাবে।

একেদৰে আপকুৰ উদ্যোগত দিশপুৰ প্ৰেছ ক্লাৱতো পালন কৰা হয় ৰাষ্ট্ৰীয় প্ৰেছ দিৱস। অনুষ্ঠানত অসমীয়া প্ৰতিদিনৰ সাংবাদিক ফণীধৰ দাসক বিশেষভাৱে সম্বৰ্ধনা জনায়। একেদৰে দৈনিক জনমভূমি কাকতৰ পবিত্ৰ গগৈ আৰু ইউ বি ফটোছৰ সাংবাদিক আব্দুল ছজিদকো সম্বৰ্ধনা জনাই আপকুৱে।

WhatsApp Image 2025-11-16 at 7.43.21 PM

অনুষ্ঠানত আপকুৰ সভাপতি, সম্পাদক, অসমীয়া প্ৰতিদিনৰ সহযোগী সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক প্ৰকাশ মহন্ত, সঞ্জীৱ ফুকন আদি উপস্থিত থাকে।

গুৱাহাটী প্ৰেছ ক্লাৱ