/asomiyapratidin/media/media_files/2026/01/12/wrwqewrerew-2026-01-12-08-15-56.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ দেওবাৰে উখল-মাখল হৈ পৰে গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰি। 'গুৱাহাটী প্ৰেছ ক্লাবৰ এই মাহৰ অতিথি' আৰু 'প্ৰাক ভোগালী সাংবাদিকৰ আড্ডা' অনুষ্ঠানেৰে মুখৰিত হ'ল গুৱাহাটী প্ৰেছ ক্লাব।
বিয়লি গুৱাহাটী প্ৰেছ ক্লাবৰ 'এই মাহৰ অতিথি' শিতানত উপস্থিত থাকে ৫ বাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা বিজয়ী দেশৰ বিশিষ্ট অভিনেত্ৰী সুহাসিনী মূলে। গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা ফুলাম গামোচা, চেলেং, জাপি, শৰাই আৰু প্ৰশস্তি পত্ৰৰে তেখেতক সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতাই আঁত ধৰা অনুষ্ঠানটিত অভিনেত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অসমীয়া চলচ্চিত্ৰ পৰিচালক জাহ্নু বৰুৱাৰ অনুগ্ৰহত 'অপৰূপা' ছবিখনৰ মূল চৰিত্ৰত অভিনয় কৰাৰ বিশেষ অভিজ্ঞতা সুঁৱৰে।
আনহাতে উপস্থিত সাংবাদিকসকলৰে হোৱা মত-বিনিময়ত সাম্প্ৰতিক সময়ত দেশৰ সংবাদ মাধ্যমৰ স্বাধীনতাত আক্ৰমণ হৈছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে। আজিকালি শাসকক প্ৰশ্ন কৰিলেই সাংবাদিকক গ্ৰেপ্তাৰ, প্ৰতিবাদত অংশগ্ৰহণ কৰিলেই নাগৰিকক গ্ৰেপ্তাৰ কৰা হয় বুলিও মন্তব্য কৰে অভিনেত্ৰীগৰাকীয়ে।
তদুপৰি বৰ্তমান সময়ত একাংশ ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ টক শ্ব'ৰ মানদণ্ড ক্ৰমাত নিম্নগামী হোৱা বুলি মন্তব্য কৰে সুহাসিনী মূলেই। অনুষ্ঠানত অভিনয় জগতৰ বহু অভিজ্ঞতা সাংবাদিকসকলৰ আগত ব্যক্ত কৰাৰ লগতে আগন্তুক দিনত এখন পূৰ্ণ দৈঘ্যৰ ছবি নিৰ্মাণ কৰাৰ সপোন থকা বুলিও উল্লেখ কৰে অভিনেত্ৰীগৰাকীয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/whatsapp-image-2026-2026-01-12-08-16-18.jpeg)
এই অনুষ্ঠানৰ পিছতে প্ৰেছ ক্লাবৰ বাকৰিত অনুষ্ঠিত হয় 'প্ৰাক ভোগালী সাংবাদিকৰ আড্ডা' শীৰ্ষক এটি মনোগ্ৰাহী অনুষ্ঠান। সংবাদ সংগ্ৰহত অহৰহ ব্যস্ত থকা সাংবাদিক/সংবাদকৰ্মীসকলৰ অৱসাদ দূৰ কৰাৰ মানসেৰে তথা সাংবাদিকসকলৰ মাজত থকা বিভিন্ন প্ৰতিভাক এক মঞ্চ দিয়াৰ উদ্দেশ্যে গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি খগেন কলিতা, সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাৰ পৃষ্ঠপোষকতা আৰু সাংস্কৃতিক সম্পাদক সমীৰণ বৰঠাকুৰৰ পৰিকল্পনাৰে প্ৰেছ ক্লাব পৰিয়ালে আয়োজন কৰে এই অনুষ্ঠান।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/whatsapp-image-2026-2026-01-12-08-16-33.jpeg)
এই অনুষ্ঠানত বহুকেইজন প্ৰতিভাধৰ সাংবাদিকে একক অনুষ্ঠান পৰিৱেশন কৰাৰ ওপৰিও দলীয়ভাবে অত্যন্ত আকৰ্ষণীয় ৰূপত এটি লোকবাদ্য অনুষ্ঠান পৰিৱেশন কৰে। ইয়াৰ ওপৰিও লোকনৃত্য, ঝুমুৰ আদি কেইবাটাও সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে সাংবাদিকসকলে। এই অনুষ্ঠানতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্ৰদ্ধাঞ্জলি জনাই সাংবাদিকসকলে কেইবাটাও গীত পৰিৱেশন কৰে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/whatsapp-image-2026-01-12-08-19-21.jpeg)
প্ৰায়সমূহ ছপা, বৈদ্যুতিন আৰু ডিজিটেল মাধ্যমৰ সম্পাদনা কক্ষৰ শীৰ্ষ সাংবাদিকে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত বহু খুহুতীয়া আড্ডাই আকৰ্ষণীয় কৰি তোলে। অনুষ্ঠানটোত অসমৰ সংগীত জগতৰ খ্যাতনামা শিল্পী তৰালী শৰ্মা উপস্থিত হৈ সাংবাদিকসকলক উৎসাহ যোগায়। সাংবাদিকৰ আড্ডাত অভিনেতা বিকীয়েও আলাপৰ অংশীদাৰ হয়। জনপ্ৰিয় কৌতুক শিল্পী তথা অংশুমান ভূঞাই এই আড্ডাক পৰিচালনা কৰি অধিক মনোগ্ৰাহী কৰি তোলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us