/asomiyapratidin/media/media_files/2026/02/22/ujjjdd-2026-02-22-11-48-45.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ ৰাজ্যৰ এগৰাকী প্ৰবীণ সাংবাদিক, চিন্তাবিদ ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱৰ দেহাৱসানত গুৱাহাটী প্ৰেছ ক্লাবে গভীৰ শোক প্ৰকাশ কৰিছে। অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ সঞ্চালক হিচাপে এসময়ত কাৰ্যনিৰ্বাহ কৰা চক্ৰৱৰ্তী দেৱে অসমৰ সমাজ জীৱনৰ দাপোন গৈ বিভিন্ন বিষয়, সমস্যাত সজোৰে মাত মাতি আহিছিল।
দৈনিক অসম, দৈনিক জনমভূমি, আজিৰ বাতৰি কাকত, আমি অসমৰ জনগণ, প্ৰাগজ্যোতিষ আদি কেইবাখনো দৈনিক আৰু সাপ্তাহিক কাকতৰ সৈতে দীৰ্ঘসময় জড়িত হৈ অসমৰ সংবাদ ক্ষেত্ৰখনক মহিয়ান কৰি গৈছে চক্ৰৱৰ্তী দেৱে।
২০১৯ চনত সাংবাদিকতাৰ ক্ষেত্ৰলৈ আগবঢ়োৱা আজীৱন অৱদানৰ বাবে অসম চৰকাৰৰ পৰা সন্মানীয় গণৰাজ্য দিৱস সাংবাদিকতা বঁটাৰেও সন্মানিত হৈছিল ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱ। দীৰ্ঘদিনীয়া অসুস্থতাৰ বাবে গুৱাহাটীৰ এখন ব্যক্তিগত হাস্পতালত চিকিৎসাধীন হৈ থকা চক্ৰৱৰ্তী দেৱে আজি পুৱা ৭ বাজি ৩৫ মিনিটত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৯৭ বছৰ।
ধীৰেন্দ্ৰ নাথ চক্ৰৱৰ্তী দেৱৰ মহাপ্ৰয়াণ অসমৰ সংবাদ ক্ষেত্ৰৰ বাবে এক অপূৰণীয় ক্ষতি। গুৱাহাটী প্ৰেছ ক্লাব তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us