/asomiyapratidin/media/media_files/2025/09/28/jjjjdd-2025-09-28-09-30-48.jpg)
ডিজিটেল ডেস্কঃ আজি ষষ্ঠী। আজিৰে পৰা আৰম্ভ শাৰদীয় দুর্গোৎসৱ। সম্প্রতি দুর্গতি নাশিনী দেৱী দুর্গাক ভক্তি অর্ঘ নিবেদিবলৈ ভক্তসকল সাজু হৈছে যদিও পূৰ্বৰ তুলনাত এইবাৰ ম্লান হৈছে পূজাৰ পৰিবেশ। পূজাৰ সময়ছোৱাত গুৱাহাটীৰ ৰাজপথত শিশু, মহিলা, জ্যেষ্ঠ নাগৰিককে ধৰি জৰুৰীকালীন সেৱাৰ সৈতে জড়িত যান-বাহনৰ চলাচলত যাতে ব্যাঘাত জন্মিব নোৱাৰে তাৰ প্রতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই পূজাৰ কেইদিনত মহানগৰীত যান-বাহন চলাচলত কিছু সাল-সলনি কৰিছে।
এই সন্দর্ভত যান-বাহন শাখাৰ ডি চি পিগৰাকীয়ে জাৰি কৰা এক নির্দেশনা অনুসৰি ২৮ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ কেতবোৰ বাট-পথত যান-বাহনৰ চলাচলত কিছু বাধা নিষেধ থাকিব। তদুপৰি পূজাৰ কেইদিনত পুৱা ৪ বজাৰ পৰা দিনৰ ১২ বজালৈহে বাণিজ্যিক বাহনসমূহ প্ৰৱেশ কৰিব পাৰিব বুলিও নির্দেশনাটোত উল্লেখ কৰা হৈছে।
চিটিবাছ চলাচলৰ পথ নিৰ্ধাৰণ-
- বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ যাবলগীয়া চিটিবাছসমূহ বশিষ্ঠ চাৰিআলি, বেলতলা তিনিআলি, ছার্ভে, ছুপাৰ মার্কেট, গণেশগুৰি উৰণ সেতু, পল্টনবজাৰ, এ টি বোড, ভবলুমুখ, মালিগাঁও হৈ যাব পাৰিব।
- বশিষ্ঠ মন্দিৰৰ পৰা ধাৰাপুৰলৈ চলাচল কৰিবলগীয়া চিটিবাছসমূহ বশিষ্ঠ চাৰিআলি, কইনাধৰা পইন্ট, খানাপাৰা ৰ'টাৰী হৈ জি এছ বোডেবে পল্টনবজাৰৰ নেপালী মন্দিৰ হৈ এ টি বোডেৰে ভৰলুমুখ হৈ ধাৰাপুৰলৈ যাব পাৰিব
- আদাবাৰী বাছষ্টেণ্ডৰ পৰা লালগণেশলৈ যাবলগীয়া চিটিবাছসমূহে পূজাৰকেইদিনত মালিগাঁও, কাছাৰী, ৰবীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি উৰণ সেতু হৈ জু-বোড, গণেশগুৰিৰ গণেশ মন্দিৰ, কাহিলীপাৰা-লালগণেশলৈ যাব।
- আদাবাৰীৰ পৰা মালিগাঁও, কাছাৰী, ববীন্দ্র ভবন, গুৱাহাটী ক্লাব, চানমাৰি উৰণ সেতু হৈ জ-বোর্ড উৰণ সেতুৰ ওপৰেৰে গণেশগুৰি উৰণ সেতু, ছুপাৰ মার্কেট, লাস্টগ্রেট, ৰাজধানী মছজিদ, গণেশ মন্দিৰ হৈ লালগণেশলৈ যাব পাৰিব।
- পাঞ্জাবাৰীৰ পৰা ধাৰাপুৰলৈ যাবলগীয়া চিটিবাছসমূহে ছয়মাইল, ছুপাৰ মার্কেট, লাষ্টগেট, গণেশ মন্দিৰ, জু-ৰোড, চানমাৰি এম জি বোড ব্যবহাৰ কৰিব পাৰিব। তদুপৰি এইসমূহ বাহনে পাঞ্জাবাৰী বোড, ভি আই পি বোড, নুনমাটি, চানমাৰি, এম জি ৰোড হৈ গন্তব্য স্থানলৈ যাব পাৰিব।
- ধাৰাপুৰৰ পৰা পাঞ্জাবাৰীলৈ যাবলগীয়া চিটিবাছসমূহে মালিগাঁও, চানমাৰি, জু-ৰোড, গণেশগুৰি উৰণ সেতু হৈ ছয়মাইল উৰণ সেতুৰে পাঞ্জাবাৰীত প্রৱেশ কৰিব পাৰিব
- হাতীগাঁৱৰ পৰা ধাৰাপুৰলৈ যোবা চিটিবাহসমূহে হাতীগাঁও চাৰিআলি ৰাজধানী মছজিদ, আৰ পি ৰোড, গণেশগুৰি উৰণ সেতুৰ তলেৰে জু-ৰোডত প্ৰৱেশ কৰি চানমাৰি এম জি বোড হৈ ধাৰাপুৰলৈ যাব পাৰিব।
- ধাৰাপুৰৰ পৰা হাতীগাঁও চাৰিআলিলৈ যাবলগীয়া বাছসমূহে ব্যৱহাৰ কৰিব লাগিব এম জি ৰোড, চানমাৰি, জু-ৰোড, গণেশগুৰি উৰণ সেতু হৈ ছুপাৰ মার্কেট, লাইগেট, ৰাজধানী মছজিদ হৈ হাতীগাও চাৰিআলি পথ।
মালবাহী গধুৰ বাহনৰ চলাচল
দুর্গা পূজাৰকেইদিনত মালবাহী গড়ব বাহনসমূহ গুৱাহাটী মহানগৰীত পুৱা ৪ বজাৰ পৰা দুপৰীয়া ১২ বজালেৈকে প্রবেশ কৰিব পাৰিব। এই নির্দেশনা অহা ২৮ ছেপ্টেম্বৰৰ পৰা ৩ অক্টোবৰলৈ বলবৎ হ'ব।
চানমাৰি-গীতানগৰ-নূনমাটি থানা এলেকা
অনুৰাধা পইণ্টৰ পৰা হাতীগড় চাৰিআলিলৈ যান-বাহন চলাচল কৰিব নোৱাৰিব।
হাতীগড় চাৰিআলিৰ পৰা যান-বাহনসমূহ প্রৱেশ কৰিব পাৰিব।
বন্দনা পইণ্টৰ পৰা এছ বি আই গলি হৈ ৰিফাইনাৰী গেটলৈ পথছোৱা ন' এন্ট্রি কৰা হ'ব।
পাণবজাৰ থানা এলেকা
এম এছ ৰোডৰ পৰা ৪ নং ৰেলৱে গেটেৰে যান-বাহনৰ চলাচলত ন' এন্ট্রি থাকিব।
লতাশিল থানা এলেকা
এফ চি ৰোডৰ হাইক'ৰ্ট হৈ লতাশিল চাৰিআলিলৈ ন' এন্ট্রি থাকিব।
দিছপুৰ থানা এলেকা
গণেশ মন্দিৰ দিশৰ পৰা গণেশগুৰি উৰণ সেতুলৈ ড০ আৰ পি ৰোডটো দিনব ২ বজাৰ পৰা নিশা ২ বজালৈ ৰাণ ৱে কৰা হ'ব।
জু-ৰোড দিশৰ পৰা গণেশ মন্দিৰ দিশলৈ পথছোৱা ন' এন্ট্রি কৰা হ'ব।
গণেশগুৰি হোলছেল মার্কেটৰ পৰা ছাভিছ ৰোড হৈ আৰ পি বোড আৰু জু-ৰোডলৈ পথছোবা ন' এন্ট্রি কৰা হ'ব।
বশিষ্ঠ থানা এলেকা
পীৰ আজান ফকীৰ পথৰ (বেলতলা বজাৰ ৰোড) বেলতলা তিনিআলিৰ পৰা জয়ানগৰ চাৰিআলিপর্যন্ত ৰাণ ৱে হ'ব।
জয়ানগৰ চাৰিআলিৰ দিশৰ পৰা বেলতলা তিনিআলিলৈ ন' এন্টি থাকিব।
বেলতলা তিনিআলিৰ পৰা বিষ্ণু ৰাভা পথৰ ভেটাপাৰা চাৰিআলিপর্যন্ত ৰাণ ৱে হব।
ভেটাপাৰা চাৰিআলিৰ পৰা বেলতলা তিনিআলি পর্যন্ত বিষ্ণু ৰাভা পথেৰে যান-বাহনৰ চলাচলত নিষেধাজ্ঞা থাকিব।
ড০ বি এন শইকীয়া পথৰ বেলতলা তিনিআলিৰ পৰা বশিষ্ঠ চাৰিআলি পর্যন্ত ন' এন্টি থাকিব।
ত্রিপুৰা গলি আৰু সৌৰভ নগৰৰ দিশব পৰা ন' এন্ট্রি থাকিব।
বশিষ্ঠ থানা এলেকা-
আৰ কে চৌধুৰী ৰোডৰ পৰা কে আৰ চি ৰোডলৈ ন' এন্ট্রি থাকিব।
আঠগাঁও উৰণ সেতুৰ তলৰ পৰা ভৰলুমুখপর্যন্ত এ টি ৰোডত পার্কিং নিষিদ্ধ কৰা হৈছে।
ভৰলুমুখৰ পৰা কালীপুৰপর্যন্ত দীনেশ গোস্বামী পথ আৰু আৰ কে চি বোডৰ ৯ নং গেটৰ পৰা ফটাশিল চাৰিআলিলৈ পার্কিং নিষিদ্ধ কৰা হৈছে।
বিষ্ণুপুৰ দলঙৰ পৰা চাইকেল ফেক্টবীপর্যন্ত যান-বাহনৰ চলাচলত নিষেধাজ্ঞা থাকিব।
হাবিয়ানা ভৱনৰ পৰা ফটাশিল চাৰিআলি-কুমাৰপাৰা পাঁচআলিলৈ ন' এন্ট্রি থাকিব।
জালুকবাৰী থানা এলেকা
পল্টনবজাৰ, পাণবজাৰ, ফটাশিল আৰু ভবলুমুখৰ পৰা জালুকবাৰী ৰ'টাৰীলৈ সামগ্রী কঢ়িওবা বাহনৰ প্ৰবেশত নিষেধাজ্ঞা থাকিব।
আদাবাৰী তিনিআলিৰ পৰা পাণ্ডু পর্ট ৰোড হৈ পাণ্ডু গেটলৈ লঘু বাহন, দুচকীয়া, তিনিচকীয়া বাহনৰ বাবে ৰাণ ৱে হ'ব।
পাণ্ডু গেটৰ পৰা অহা বাহনসমূহ আদাবাৰীলৈ মালিগাঁও চাৰিআলি হৈ যাব পাৰিব।
পাণ্ডু গেটৰ পৰা মালিগাঁও চাৰিআলিলৈ পাণ্ডু বৰবজাৰ পথেৰে । বাহনৰ চলাচলত নিষেধাজ্ঞা থাকিব।
আন্তঃৰাজ্যিক যাত্রীবাহী বাহন চলাচলৰ পথ
নামনি অসমৰ পৰা পল্টনবজাৰলৈ চলাচল কৰা এ এছ টি চিৰ অর্ধদেব বাছসমূহ জালুকবাৰী হৈ আই এছ বি টিলৈ যাব। এইসমূহ বাছ পল্টন বজাৰলৈ অহাৰ ক্ষেত্রত নিষেধাজ্ঞা থাকিব।