/asomiyapratidin/media/media_files/2025/11/17/1-2025-11-17-20-14-19.jpg)
ডিজিটেল সংবাদ,গুৱাহাটীঃ দুদিনীয়া বিস্তৃত কাৰ্যসূচীৰে ১৭ আৰু ১৮ নৱেম্বৰ তাৰিখে যুগজয়ী, সুৰৰ সম্ৰাট, নবপ্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্মদিন পালনৰ অৰ্থে ব্যাপক প্ৰস্তুতি চলোৱা হৈছে। ৰে'লৱে ইনষ্টিটিউট, নিউ গুৱাহাটী পৰিচালনা সমিতিৰ সম্পাদক বিজয় মালাকাৰ আৰু কোষাধ্যক্ষ গিৰীশ চন্দ্ৰ নাথ আৰু পৰিচালনা সমিতিৰ উদ্যোগত বিয়লি ৩.০০ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়া ৫.৩০ বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া ইনষ্টিটিউট প্ৰেক্ষাগৃহত পালন কৰা হ'ব।
প্ৰথম দিনা অৰ্থাৎ আজি ১৭ নৱেম্বৰত প্ৰকৃতিপ্ৰেমী জুবিন গাৰ্গৰ প্ৰিয় নাহৰ গছৰ পুলি ৰোপণ আৰু ইনষ্টিটিউট পৰিষদৰ ভিতৰত চাফাই অভিযান কৰা হয়। আজিৰ অনুষ্ঠানত আমাৰ পৰিচালনা সমিতিৰ সদস্য শ্ৰী যুত নৰেন্দ্ৰ নেৱাৰ, শ্ৰী যুত ভাৰত ঠাকুৰীয়া,শ্ৰী যুত ৰতন মজুমদাৰ,শ্ৰী যুত গৌতম মজুমদাৰ লগতে এন এফ ৰে'লৱে মজদুৰ ইউনিয়ন নিউ গুৱাহাটী শাখাৰ সাধাৰণ সম্পাদক শ্ৰী যুত পংকজ কাকতি, সভাপতি শ্ৰী যুত নৰেশ্বৰ বৰ্মন আৰু এন অফ ৰেলৱে এম্প্লয়াজ ইউনিয়ন নিউ গুৱাহাটী শাখাৰ সভাপতি শ্ৰী যুত সুৰথ চৌধুৰী লগতে ৰে'লৱে সমবায় ভাণ্ডাৰ সমিতি, নিউ গুৱাহাটী অধক্ষ্য শ্ৰী যুত প্ৰদীপ দাস উপস্থিত থাকে।লগত বহুতো জুবিন অনুৰাগী এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
দ্বিতীয় দিনা ১৮ নৱেম্বৰত বিয়লি ৩ বজাত চিত্ৰাংকন প্ৰতিযোগিতা আৰু সন্ধিয়া সাংস্কৃতিক সন্ধিয়া পালন কৰা হ'ব। সভাত মুখ্য অতিথি ৰূপে Sr.DME/D/NGC ( শ্ৰী যুত ৰাম পুকাৰ ৰমন) আৰু ৰে'লৱে বিভাগৰ বিষয় ববিয়া উপস্থিত থাকিব।
লগতে এন এফ ৰে'লৱে মজদুৰ ইউনিয়ন আৰু এন এফ ৰে'লৱে এমপ্লয়িজ ইউনিয়নৰ সকলো সদস্য উপস্থিত থাকিব। আৰু অতিথি শিল্পী ৰূপে স্থানীয় বহু শিল্পী আৰু জুবিন অনুৰাগীয়ে জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰিব বুলি প্ৰকাশ কৰিছে , ৰে'লৱে ইনষ্টিটিউট, নিউ গুৱাহাটী পৰিচালনা সমিতিৰ সদস্য সকলে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us