/asomiyapratidin/media/media_files/2025/10/28/ujjjd-2025-10-28-11-39-56.jpg)
ডিজিটেল ডেস্কঃ গুৱাহাটীৰ অপহৰণ কাণ্ডৰ সৈতে জড়়িত বীৰ লাচিত সেনাৰ ৫গৰাকী সদস্যৰ বহু বিস্ফোৰক তথ্য শেহতীয়াকৈ পোহৰলৈ আহিছে। এই সমগ্ৰ ঘটনাক লৈ আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। কিন্তু এনে সময়তে এই অপহৰণ কাণ্ড অন্যতম মাষ্টাৰ মাইণ্ড বিশ্বজিত দলেৰ বহুৰূপী চৰিত্ৰ প্ৰকাশ পাইছে।
বীৰ লাচিত সেনাৰ সদস্য হোৱাৰ উপৰিও ৰাজনৈতিক দলৰ সৈতেও জড়িত আছিল বিশ্বজিত। ধেমাজি জিলাৰ বিশ্বজিত প্ৰথমে আছিল লুৰীণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদৰ সদস্য। কিন্তু এনেবোৰ কামৰ বাবেই বহিস্কাৰ কৰা হৈছিল বিশ্বজিতক। শেহতীয়াকৈ এই কথাক লৈ স্পষ্টীকৰণ দিলে লুৰীণজ্যোতি গগৈয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/95dcfe06-9310-4972-be1b-65e116629400-2025-10-28-11-53-34.jpeg)
অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে কয় যে, তেওঁক বহুদিনে অসম জাতীয় পৰিষদৰ পৰা বহিস্কাৰ কৰা হৈছে। এনেবোৰ কামৰ বাবেই তেওঁক দলৰ পৰা উলিয়াই দিয়া হৈছিল। তাৰ পিছত বিজেপিত যোগদান কৰিছিল। আৰু সংগঠনৰ সৈতে মিলি এনেবোৰ কাম কৰি আছিল।
ইফালে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা আদি কৰি বিজেপিৰ বহু শীৰ্ষ নেতাৰ সৈতে ফটো আছে বিশ্বজিতৰ। বিজেপিৰ কাৰ্যসূচীতো বিজেপিৰ টুপী পিন্ধি থকা ফটো আছে বিশ্বজিতৰ। বিৰোধী দল কংগ্ৰেছেও বিশ্বজিতক বিজেপিৰ দলৰ সদস্য বুলি কৈ কটাক্ষ আৰম্ভ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/10/28/4a1213e1-8945-4240-9432-f609b39736d6-2025-10-28-11-53-47.jpeg)
অৱশ্যে বিজেপিয়ে বিশ্বজিত বিজেপিৰ কোনো সক্ৰিয় সদস্য নহয় বুলি স্পষ্টীকৰণ দিছে। ইফালে বিশ্বজিতৰ এনে বহুবোৰ কৰ্মকাণ্ড তথ্য লাভ কৰিছে আৰক্ষীয়ে। এই সকলোবোৰক লৈ আৰক্ষীয়ে তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছে।
/asomiyapratidin/media/agency_attachments/2025/10/28/2025-10-28t075720917z-untitled-2-1-2025-10-28-13-27-21.png)
Follow Us