/asomiyapratidin/media/media_files/2026/02/22/4-2026-02-22-19-59-41.jpg)
ডিজিটেল ডেস্কঃ অসমৰ বিকাশ যাত্ৰাত সংযোজিত আন এক সোণালী অধ্যায়। লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ নতুন সংহত টাৰ্মিনেল উদ্বোধন। আধুনিক প্ৰযুক্তি, আকৰ্ষণীয় স্থাপত্য আৰ্হি আৰু উন্নত সা-সুবিধাৰে সজোৱা এই নৱ টাৰ্মিনেলত কৰ্মৰত বহু অসমীয়া যুৱক-যুৱতীয়ে নিজৰ দক্ষতা আৰু যোগ্যতাৰ নিদৰ্শন দাঙি ধৰিছে। গোলাঘাটৰ ৰাজ কুমাৰ শইকীয়া, যতীন বৰা, এন্থেনি হেণ্ডিক, লিজা দাস, পলাশ বাৰীৰ বিকাশ কুমাৰ, আজাৰাৰ ভৱেশ মেধীকে ধৰি বহুতো অসমীয়াই এই টাৰ্মিনেলত বিভিন্ন দায়িত্ব পালন কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/02/22/whatsapp-i-2026-02-22-19-58-09.jpeg)
এক কথাত ক'বলৈ গ'লে কথাৰে নহয়, কামেৰে নিজৰ প্ৰতিভা আৰু সামৰ্থ্য প্ৰমাণ কৰিছে তেওঁলোকে। তেওঁলোকৰ নিষ্ঠা, আত্মবিশ্বাস আৰু কঠোৰ শ্ৰমে অসমৰ নতুন দিগন্ত উন্মোচন কৰাৰ ক্ষেত্ৰত ইতিবাচক ভূমিকা গ্ৰহণ কৰিছে।
উল্লেখ্য যে, প্ৰায় ৪,০০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এই অত্যাধুনিক টাৰ্মিনেলৰ জৰিয়তে বছৰি প্ৰায় ১ কোটি ৩০ লাখ বিমানযাত্ৰীয়ে সেৱা লাভ কৰিব পাৰিব বুলি অনুমান কৰা হৈছে। যাত্ৰীৰ সুবিধা, সুৰক্ষা আৰু আৰামৰ দিশত লক্ষ্য ৰাখি নিৰ্মিত এই বৃহৎ প্ৰকল্পটোৱে কেৱল বিমান পৰিসেৱাৰ ক্ষেত্ৰতেই নহয়, অসমীয়াৰ কর্মসংস্থানৰ ক্ষেত্ৰতো নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। অসমৰ অসমীয়াই নতুন টাৰ্মিনেলত কাম কৰাৰ সুযোগ লাভ কৰি নিজকে অসমীয়া হিচাপে গৌৰৱান্বিত অনুভৱ কৰিছে।
/asomiyapratidin/media/post_attachments/4fbd5617-8ad.png)
গোলাঘাটৰ ৰাজ কুমাৰ শইকীয়া, এন্থেনি হেণ্ডিক, যতীন বৰা, লিজা দাস, পলাশ বাৰীৰ বিকাশ কুমাৰ, আজাৰাৰ ভৱেশ মেধীয়ে মন্তব্য প্ৰকাশ কৰি কয় যে, "অসমীয়া হিচাপে আজি গৌৰৱান্বিত"। লগতে এই অভিজ্ঞতা কেৱল এটা চাকৰি নহয়, ই হৈছে নিজৰ ৰাজ্যৰ উন্নয়নৰ অংশীদাৰ হোৱাৰ এক সোণালী সুযোগ। প্ৰণিধানযোগ্য যে- ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সমন্বিত প্ৰচেষ্টাত এই বৃহৎ প্ৰকল্পটো বাস্তৱায়িত হৈছে। অসমীয়া কৰ্মচাৰী সকলে মুখ্যমন্ত্ৰী তথা বিজেপি চৰকাৰলৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে। সামগ্ৰিকভাৱে, এই নতুন সংহত টাৰ্মিনেল কেৱল এখন আধুনিক স্থাপত্য নহয়; ই অসমৰ আত্মবিশ্বাস, সামৰ্থ্য আৰু আগবঢ়াৰ মানসিকতাৰ এক উজ্জ্বল প্ৰতীক হিচাপে পৰিগণিত হৈছে।
/asomiyapratidin/media/post_attachments/92add3cf-130.png)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us