/asomiyapratidin/media/media_files/2026/01/22/1-2026-01-22-10-53-54.jpg)
ডিজিটেল ডেস্কঃ আৰক্ষীৰ জালত গণেশপাৰাৰ ডকাইতি কাণ্ডৰে জড়িত ৩ অভিযুক্ত। ফটাশিল আৰক্ষীয়ে আটক কৰে তিনি অভিযুক্তক। সোমবাৰে গণেশপাৰাত সংঘটিত হৈছিল ডকাইতিৰ ঘটনা। ঘটনাৰ তিনিদিন উকলি যোৱাৰ পাছতো আৰক্ষীয়ে চিনাক্ত কৰিব পৰা নাই ডকাইতকেইটা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-image-2026-01-2026-01-22-10-54-47.jpeg)
উল্লেখ্য যে, ব্যৱসায়ী অনিল ডেকাৰ গণেশপাৰাৰ স্নেহাশ্ৰয়ৰ অট্টালিকাত সংঘটিত হৈছিল এই ডকাইতি কাণ্ডৰ ঘটনা। নিশাৰ ভাগত সংঘটিত এই ডকাইতি কাণ্ডই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছিল। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত চাৰিজনীয়া এটা ডকাইতৰ দলে চিনেমাৰ কায়দাৰে চলাইছিল এই তাণ্ডৱ। দলটোৱে ঘৰটোত লুটপাত চলোৱাৰ লগতে পৰিয়ালটোৰ সদস্যৰ ওপৰতো ভয়ানক আক্ৰমণ চলায়।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-2026-01-22-10-54-28.jpeg)
ঘটনাৰ সময়ত ব্যৱসায়ী অনিল ডেকা বহিঃৰাষ্ট্ৰত অধ্যয়নৰত নিজ কন্যাক থ'বলৈ বিমানবন্দৰলৈ গৈছিল। ঘৰত কেৱল তেওঁৰ পত্নী কৰবী ডেকা আৰু গাড়ী চালকজন উপস্থিত আছিল। সেই সুযোগতে এখন বগা ৰঙৰ ‘চুইফট ডিজায়াৰ’ বাহনত অহা চাৰিজনীয়া মুখমণ্ডলত ক'লা কাপোৰ পৰিহিত ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰে। প্ৰায় ৪০ মিনিট ধৰি ঘৰটোৰ ভিতৰত ডকাইতৰ দলটোৱে সন্ত্ৰাসৰ সৃষ্টি কৰে। ডকাইতৰ দলটোৱে পিষ্টল আৰু চোকা অস্ত্ৰৰে অনিল ডেকাৰ পত্নী আৰু চালকজনক আক্ৰমণ কৰিছিল। আনকি ডকাইতৰ দলটোৱে কৰবী ডেকাৰ মুখত পিষ্টল সুমুৱাই দি প্ৰাণে মৰাৰ ভাবুকি দি আলমাৰিৰ চাবি কাঢ়ি লয়। তদন্তৰ অন্তত হে সঠিক তথ্য পোহৰলৈ আহিব।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/22/whatsapp-2026-01-22-10-55-47.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us