/asomiyapratidin/media/media_files/2026/01/11/1-2026-01-11-19-31-58.jpg)
ডিজিটেল সংবাদ,মায়ংঃ গুৱাহাটী ২ নং মঠঘৰীয়াৰ বিষ্ণু মন্দিৰ প্ৰাংগনত আজি সাহিত্য-সংস্কৃতি বিকাশ মঞ্চ "অংকুৰ গোষ্ঠী'ৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীৰ প্ৰৱন্ধ সংকলন 'অভিজ্ঞান 'ৰ উন্মোচন উপলক্ষে এখন গাম্ভীৰ্যপূৰ্ণ সভা অনুষ্ঠিত হয়। প্ৰাক্তন মন্ত্ৰী তথা সাহিত্যিক পৃথিৱী মাঝিৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনী উন্মোচন কৰে অসম জাতীয় বিদ্যালয়ৰ অধ্যক্ষ ঘনশ্যাম মেধিয়ে।
এই গ্ৰন্থ উন্মোচন কৰি উন্মোচক মেধিয়ে কয় যে-এটা জাতি জীয়াই থাকে ভাষাক লৈ।যদি ভাষাটোৰ চৰ্চা নহয়,মাতৃ ভাষাত যদি লেখা মেলা নকৰে,তেন্তে ভাষাটো কিদৰে জীয়াই থাকিব? অৱহেলা কৰিলে এদিন পৃথিৱীৰ পৰা অসমীয়া ভাষাটো হেৰাই যোৱাৰ উপক্ৰম হ'ব বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰে। লগতে তেওঁ কয় যে-অংকুৰ গোষ্ঠীয়ে জন্ম লগ্নৰ পৰাই শিশু, মহিলা,বয়স্ক লোকক সামৰি বিভিন্ন স্তৰৰ ব্যক্তিৰ পৰা লেখা সংগ্ৰহ কৰি গ্ৰন্থ লেখাৰ যি পদক্ষেপ গ্ৰহণ কৰি আহিছে তাৰ বাবে অংকুৰ গোষ্ঠী' সমাজৰ বাবে শলাগৰ পাত্ৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/11/whatsapp-image-2026-2026-01-11-19-32-28.jpeg)
অংকুৰ গোষ্ঠী'ৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত উপ আৰক্ষী বিষয়া ঘনশ্যাম শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনত মুখ্য অতিথিৰ ভাষণ আগবঢ়াই মায়ং আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যাপক ড০ উৎপল নাথে। উৎপল নাথে ভাষণ আগবঢ়াই কয়, ব্যক্তি,সমাজ আৰু দেশ নিৰ্মাণ কৰিবলৈ লাগিব প্ৰৱল ইচ্ছা শক্তি।জীৱনৰ চৰম হতাশাত যেতিয়া মানুহ আক্ৰান্ত হয় তেতিয়া গ্ৰন্থ অধ্যয়ন কৰিব লাগে।নিয়মিত গ্ৰন্থ অধ্যয়নে মানুহৰ মন মগজু ,চিন্তা, চেতনা,শাৰীৰিক আৰু মানসিক শক্তি বিকাশ কৰে।গ্ৰন্থ অধ্যয়নে প্ৰশান্তি দিয়ে।গতিকে যিমান পাৰো আমি গ্ৰন্থ অধ্যয়ন কৰিব লাগে বুলি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়াই।নাথে বিশ্ব বিখ্যাত লেখক কাৰ্লাইলৰ ফৰাচী বিপ্লৱৰ ওপৰত লেখা দুই হাজাৰ পৃষ্ঠাৰ গ্ৰন্থখনৰ পাণ্ডুলিপি জুইত জাহ যোৱাৰ পাছত প্ৰৱল ইচ্ছাশক্তিৰ বলত পুনৰ কিদৰে লিখি প্ৰকাশ কৰি উলিয়াবলৈ সক্ষম হৈছিল সেই উদাহৰণ দাঙি ধৰি উপস্থিত জ্যেষ্ঠ কণিষ্ঠ সকলোকে উৎসাহিত কৰে।
উল্লেখ্য যে, অধ্যাপিকা ড০ মিনা কলিতাই আঁত ধৰা গাম্ভীৰ্যপূৰ্ণ সভাৰ আৰম্ভণিতে এগছি বন্তি প্ৰজ্বলন কৰে মথুৰা মোহন ডেকাই।দীনেশ চন্দ্ৰ বৰ্মনে উদ্দেশ্য ব্যাখ্যা কৰা সভাখনৰ আদৰনি ভাষণ আগবঢ়াই অৱসৰপ্ৰাপ্ত শিক্ষক নিধন বৰ্মনে। ইয়াৰ পিছতেই এটি বৰগীত পৰিৱেশন কৰে ভায়লিনা পাঠকে। সভাখনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সমাজ কৰ্মী তথা গায়ক জয়ন্ত বৰপূজাৰী,বিশিষ্ট সমাজ কৰ্মী তথা লেখক জগদীশ চক্ৰবৰ্তী,অধিবক্তা তথা অসম মীন উন্নয়ন নিগমৰ অৱসৰপ্ৰাপ্ত প্ৰবন্ধক বিচিত্ৰ কুমাৰ গোস্বামী,সাংবাদিক নজৰুল ইছলাম,সমাজ কৰ্মী নিৰোদ চন্দ্ৰ ভাগৱতী, প্ৰমুখ্যে আন কেইবাগৰাকীও।সভাৰ শেষৰ ফালে এটি গীত পৰিৱেশন কৰে শিক্ষক মুকুল গোস্বামীয়ে। ইপিনে অংকুৰ গোষ্ঠী'ৰ জন্ম হৈছিল ২০২৩ চনত। যোৱা দুটা বছৰত অংকুৰ গোষ্ঠী'ৰ ফালৰ পৰা অঞ্চলটোত নতুন লেখক সৃষ্টিৰ উদ্দেশ্য আগত ৰাখি শিশু আলোচনী,মহিলাৰ আলোচনী,জ্যেষ্ঠ নাগৰিকৰ আলোচনী আৰু আন কেবাখনো গ্রন্থ ইতিমধ্যে প্ৰকাশ কৰি উলিয়াই।আজি মহাবিদ্যালয় আৰু নৱম দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা প্ৰবন্ধৰে প্ৰস্তুত কৰি উলিওৱা 'অভিজ্ঞান' উন্মোচন কৰা হয়।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us