গুৱাহাটীৰ মাছখোৱাত দ্বা-বিংশতিতম ডা: অমিতাভ চৌধুৰী স্মাৰক বক্তৃতা অনুষ্ঠান

উল্লেখ্য যে, ডা: অমিতাভ চৌধুৰী ন্যাসৰ উদ্যোগত আয়োজিত অনুষ্ঠানত 'চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিবৰ্তন 'শীৰ্ষক ভাষণ দি বিশিষ্ট চিকিৎসক গৰাকীয়ে কয় যে,ভৱিষ্যতৰ চিকিৎসালয়সমূহ প্ৰযুক্তিগত ভাৱে উন্নত হ'ব লাগিব।

author-image
Asomiya Pratidin
New Update
new ap web 9 (1)

ডিজিটেল ডেস্কঃ ঔষধ কেৱল বিজ্ঞান নহয়, ই হৈছে বিজ্ঞান আৰু কলাৰ সমাহাৰ। পৰিৱৰ্তিত সময়ত চিকিৎসা বিজ্ঞানে বহু পৰিৱৰ্তন আনিছে যদিও বৰ্তমান সময়ত চিকিৎসা শিক্ষাৰ পৰিৱৰ্তনৰ প্ৰয়োজন আছে। চিকিৎসাৰ পূৰ্বে চিকিৎসকসকলে ৰোগীক বুজি লোৱাৰ প্ৰয়োজন। 

d59d87b6-1e99-46b4-b923-5495fcb2746b

কিয়নো ৪০ ছেকেণ্ডৰ বৰ্ণনাই ৰোগীৰ মানসিক চাপ হ্ৰাস কৰিব পাৰে। এই মন্তব্য দিল্লীৰ অল ইণ্ডিয়া ইনষ্টিটিউট অৱ মেডিকেল ছায়েন্স চমুকৈ এইমছৰ নিদ্ৰা,হাওঁফাওঁ আৰু নিদ্ৰাপীড়া বিভাগৰ প্ৰাক্তন অধ্যাপক তথা বিভাগীয় মুৰব্বী, পদ্মশ্ৰী ডা: ৰণদীপ গুলেৰিয়াৰ। গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এই কেন্দ্ৰত আয়োজিত দ্বা-বিংশতিতম ডা: অমিতাভ চৌধুৰী স্মাৰক বক্তৃতাত অনুষ্ঠানত আজি এই মন্তব্য কৰে বিশিষ্ট চিকিৎসক গৰাকীয়ে। 

bc9280d4-4de2-4cc6-94c3-bb27d71f14c7

উল্লেখ্য যে, ডা: অমিতাভ চৌধুৰী ন্যাসৰ উদ্যোগত আয়োজিত অনুষ্ঠানত 'চিকিৎসা বিজ্ঞান আৰু কলাৰ ক্ষেত্ৰত ধাৰণা পৰিবৰ্তন' শীৰ্ষক ভাষণ দি বিশিষ্ট চিকিৎসক গৰাকীয়ে কয় যে,ভৱিষ্যতৰ চিকিৎসালয়সমূহ প্ৰযুক্তিগত ভাৱে উন্নত হ'ব লাগিব। জ্ঞান হাতৰ মুঠিতে আছে, কিন্তু ইয়াক কেনেকৈ ব্যৱহাৰ কৰা যায় সেইটোহে মূল কথা। চিকিৎসাৰ ক্ষেত্ৰত পৰিৱৰ্তন আৰু দায়বদ্ধতাৰ প্ৰসংগ উল্লেখ কৰি তেওঁ চিকিৎসকসকলক ৰোগীকেন্দ্ৰিক চিকিৎসা কৰাৰ পৰামৰ্শ আগবঢ়ায়। 

4bffe97d-e804-47b8-9108-92a9f66153f1

ভাৰতীয় চিকিৎসা বিজ্ঞানত জিন এডিটিং ব্যৱস্থা, কৃত্ৰিম বুদ্ধিমত্তা আৰু ৰবটিকছ ব্যৱস্থাৰ ব্যৱহাৰৰ প্ৰসংগ উল্লেখ কৰি তেওঁ অনাগত দিনত অধিক ক্ষীপ্ৰতাৰে এনে প্ৰযুক্তি সমূহৰ প্ৰয়োগ হোৱাৰ আশা প্ৰকাশ কৰে। চিকিৎসক সকলে ঔষধ দিয়াৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যা বিজ্ঞান আৰু কলাৰ সমাহাৰৰে সমাধান কৰিব পাৰি, সেই প্ৰসংগটো তেওঁ সাৰুৱা ভাষণ দিয়ে। বৰ্ণালী চৌধুৰীয়ে আঁতধৰা তথা গুৰু বন্দনাৰে  আৰম্ভ হোৱা অনুষ্ঠানটোৰ প্ৰাৰাম্ভতে বিশিষ্ট চিকিৎসক গৰাকীৰ লগতে ন্যাসৰ ন্যাসৰক্ষী তথা অৱসৰপ্ৰাপ্ত ন্যায়াধীশ হীৰেন্দ্ৰ নাথ শৰ্মা আৰু অৱসৰপ্ৰাপ্ত ন্যায়াধীশ ধীৰেশ নাৰায়ণ চৌধুৰীৰক ফুলাম গামোচা আৰু ফুলৰ টোৰাৰে আদৰণি জনোৱা হয়। 

b7698a56-5620-4fb5-b309-3f270ed44e29

উল্লেখযোগ্য পথ দুৰ্ঘটনাত অকালতে প্ৰাণ হেৰুওৱা চিকিৎসক অমিতাভ চৌধুৰীৰ সোঁৱৰণত ২০০৪ চনৰ পৰা ন্যাসে এই বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰি আহিছে। এই বক্তৃতা অনুষ্ঠানত ইয়াৰ পূৰ্বে দেশৰ কেবাগৰাকীও খ্যাতনামা ব্যক্তিয়ে বক্তৃতা প্ৰদান কৰিছে।

গুৱাহাটীৰ মাছখোৱা