থলুৱা উদ্যোগীক বাট দেখুৱাইছে অসম বাণিজ্য উন্নয়ন সংস্থাইঃমন্ত্রী অতুল বৰা

অসম চৰকাৰৰ কেবিনেট মন্ত্রী অতুল বৰাই আজি আনুষ্ঠানিকভাৱে এই বাণিজ্য মেলা উদ্বোধন কৰে।

author-image
Asomiya Pratidin
New Update
00412f81-b150-4884-a245-4ee50b1fc1b9

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ বেতকুছিত থকা মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত  অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত  ওঠৰ দিনীয়াকৈ অনুষ্ঠিত হৈছে চতুর্থ আন্তঃৰাষ্ট্রীয় শীতকালীন বাণিজ্য মেলা। অসম চৰকাৰৰ কেবিনেট মন্ত্রী অতুল বৰাই আজি আনুষ্ঠানিকভাৱে এই বাণিজ্য মেলা উদ্বোধন কৰে। বাণিজ্য মেলাখন উদ্বোধন কৰি মন্ত্রী গৰাকীয়ে কয় যে, ৰাজ্যৰ বিভিন্ন অঞ্চলত বাণিজ্য মেলা অনুষ্ঠিত কৰি অসম বাণিজ্য উন্নয়ন সংস্থাই ৰাজ্যৰ থলুৱা উদ্যোগীসকলক এখন বজাৰ লাভৰ বাট দেখুৱাই দিছে। বাণিজ্য উন্নয়ন সংস্থাৰ এনে পদক্ষেপে ৰাজ্যৰ অর্থনীতিত, উদ্যোগীক বিকাশত বিশেষ প্রভাৱ পেলাব বুলিও আশা প্রকাশ কৰে।

9a365df8-5155-4284-b628-f3a63c6335cc

উল্লেখ্য যে, বাণিজ্য মেলা উদ্বোধনী অনুষ্ঠানত আদৰণি ভাষণ দি অসম বাণিজ্য উন্নয়ণ সংস্থাৰ অধ্যক্ষ সুনীল ডেকাই কয় যে-২০২২ চনৰ পৰা থলুৱা উদ্যোগীক এখন বজাৰ দিয়াৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্রান্তত অসম বাণিজ্য উন্নয়ণ সংস্থাই বাণিজ্য মেলা অনুষ্ঠিত কৰি আহিছে। এই বাণিজ্য মেলাৰ জৰিয়তে দেশ- বিদেশৰ উদ্যোগীৰে সমন্বয় গঢ়ি অসমৰ থলুৱা উদ্যোগীসকল আগবাঢ়ি যোৱাৰ বাট মুকলি কৰি দিয়া বুলিও ডেকাই ভাষণত উল্লেখ কৰে। উদ্বোধনী অনুষ্ঠানত অসম বাণিজ্য উন্নয়ণ সংস্থাৰ উপাধ্যক্ষ মধুৰাম ডেকা, প্রধান পৰিচালক চেলিম ৰাজা মণ্ডল, উপ-প্রধান পৰিচালক অভিষেক শইকীয়াসহ কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে। 

2c6bf00a-3170-4366-a09a-b92b585c521f

বাণিজ্য মেলা উদ্বোধনৰ পূর্বে মন্ত্রী অতুল বৰা আৰু অধ্যক্ষ সুনীল ডেকাই মণিৰাম দেৱান ট্ৰেড চেণ্টাৰত বাণিজ্য মেলা চৌহদত প্রাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধা জনাই জুবিনলৈ শ্রদ্ধাঞ্জলি ক্ষেত্র এখনো মুকলি কৰে। এই বাণিজ্য মেলাত অসমৰ বিভিন্ন জিলাৰ লগতে পঞ্জাৱ, হাৰিয়ানা, জম্মু-কাশ্মীৰ, দিল্লী, ৰাজস্থান, গুজৰাট, উত্তৰ প্ৰদেশ, কৰ্ণাটক, মহাৰাষ্ট্ৰ, কলকাতা, কেৰেলা, মুম্বাই আদি ৰাজ্যৰ ডেৰ শতাধিক বিপনীৰ লগতে আফগানিস্তান, থাইলেণ্ড ডুবাই আদি ৰাষ্ট্ৰৰ বিপণীয়েও অংশ গ্রহণ কৰিছে। বাণিজ্য মেলাত জন্ম শতবার্ষিকী উপলক্ষে সুধাকণ্ঠ ভূপেন হাজৰিকা, প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈ শ্রদ্ধা জনাই বিশেষ সাংস্কৃতিক কার্যসূচীত লগতে প্রতিদিনে সন্ধিয়া জনপ্রিয় শিল্পীৰ আকৰ্ষণীয় সাংস্কৃতিক অনুষ্ঠানৰো ব্যৱস্থা কৰা হৈছে।

9a365df8-5155-4284-b628-f3a63c6335cc (1)

মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ