/asomiyapratidin/media/media_files/2026/01/12/dsadsasasa-2026-01-12-13-19-09.jpg)
ডিজিটেল সংবাদ, গুৱাহাটীঃ গুৱাহাটী মহানগৰীত সংঘটিত এক চাঞ্চল্যৰ ঘটনা শেহতীয়াকৈ পোহৰলৈ আহিছে। প্ৰেমিকৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ ফলত চৰমপন্থা গ্ৰহণ কৰিছে এগৰাকী যুৱতীয়ে। পিছে ঘটনা সংঘটিত হোৱা ১ মাহ পাৰ হৈ যোৱাৰ পাছতো অভিযুক্তৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই আৰক্ষীয়ে।
এই ঘটনা সংঘটিত হৈছিল বিগত ১২ ডিচেম্বৰত। পৰিয়ালে দাখিল কৰা এজাহাৰখনত উল্লেখ থকা অনুসৰি যুৱতীগৰাকীৰ প্ৰেমিক জিতু দত্তই ঘৰত কোনো নথকা অৱস্থাত প্ৰৱেশ কৰি যুৱতীগৰাকীক মাৰপিট কৰি নিৰ্যাতন চলাইছিল। আনকি পূৰ্বেও অনেকবাৰ ৰাজহুৱা স্থানত যুৱতীগৰাকীক শাৰীৰিক-মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ পৰিয়ালৰ।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/capturfgef-2026-01-12-13-16-59.jpg)
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/captureggfddsfa-2026-01-12-13-17-23.jpg)
ইফালে, যুৱতীগৰাকীয়ে লিখি থৈ যোৱা শেষটোকাত প্ৰেমিক জিতু দত্তকে কৰিছে জগৰীয়া। এই টোকাত স্পষ্টভাৱে লিখা আছে প্ৰেমিকৰ নিৰ্যাতনৰ কথা। কিন্তু ইমানৰ পাছতো আৰক্ষীয়ে লোৱা নাই কোনো ব্যৱস্থা।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/12/capturejktryrt-2026-01-12-13-17-35.jpg)
যুৱতী গৰাকীৰ পৰিয়াল অভিযোগ অনুসৰি কোনো প্ৰভাৱশালী ব্যক্তিৰ চাপৰ বাবে অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে গ্ৰহণ কৰা নাই ব্যৱস্থা। অদৃশ্য শক্তিৰ প্ৰভাৱৰ ফলত আৰক্ষীয়ে জিতু দত্তক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ পৰিয়ালৰ। যুৱতী গৰাকীৰ অকাল বিয়োগৰ ফলত এতিয়া শোকত ভাগি পৰিছে দুৰ্ভগীয়া পৰিয়ালটো। শীঘ্ৰেই আৰক্ষীক ব্যৱস্থা গ্ৰহণৰ বাবে আবেদন জনাইছে পৰিয়ালৰ লোকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us