/asomiyapratidin/media/media_files/2025/08/28/web-ap-amit-2025-08-28-17-39-28.jpg)
ডিজিটেল ডেস্কঃ সচৰাচৰৰ দৰেই আজিও মাত্ৰ একাজক বৰষুণতে বুৰিল গুৱাহাটী মহানগৰী। জি এছ ৰোডৰ পৰা আৰম্ভ কৰি চানমাৰি, বৰাগাওঁ, লাখটকীয়া, বেহাৰবাৰী, জালুকবাৰী, কাহিলীপাৰা, গণেশগুৰি, অনিলনগৰ, সুন্দৰপুৰ, ৰাজগড়, উলুবাৰী, ভি আই পি ৰোডকে ধৰি সকলো প্ৰান্ততে এজাক বৰষুণতে কৃত্ৰিম বানপানীয়ে ভয়াৱহ পৰিস্থিতিৰ সূচনা কৰিছে।
ৰাজপথতেই স্তব্ধ হৈ পৰিছে জনজীৱন। অধিকাংশ স্থানতেই পানীৰ মাজত বিকল হৈ পৰিছে বিভিন্ন ধৰণৰ বাহন। ঠায়ে ঠায়ে পানীৰ উপঙি থকা দেখিবলৈ পোৱা গৈছে দুচকীয়া বাহন।
উল্লেখ্য যে, ইয়াৰ পূৰ্বে মঙলবাৰেও বিয়লি অহা বৰষুণত যোৰাবাটকে ধৰি গুৱাহাটীৰ মাজমজিয়াত বানপানীয়ে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল। যোৰাবাটত এই বানপানীতে এজন ব্যক্তিৰ মৃত্যুও হয়।
আজিও অনুৰূপ ধৰণে মাত্ৰ এজাক বৰষুণতে সমগ্ৰ গুৱাহাটী মহানগৰী স্তব্ধ হৈ পৰিছে। ইফালে ২৯ আগষ্ট, শুকুৰবাৰ কেইবাটাও চৰকাৰী আৰু দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ আজিয়েই গুৱাহাটীত উপস্থিত হোৱাৰ কথা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ।
বৰঝাৰ বিমান বন্দৰৰ পৰা তেওঁ চিধাই কইনাধৰাৰ ৰাজ্যিক অতিথিশালালৈ গৈ তাতেই নিশা কটোৱাৰ কথা। কিন্তু বৰষুণৰ ফলত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কেইবাটাও স্থানত ভয়াৱহ ৰূপ ধাৰণ কৰি আছে কৃত্ৰিম বানে। ঠায়ে ঠায়ে আৱদ্ধ হৈ আছে বিভিন্ন ধৰণৰ বাহন। যদিহে শীঘ্ৰেই পৰিস্থিতি উন্নত নহয় তেন্তে এনে অৱস্থাত কেনেধৰণে সেই পথেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ কনভয় আগুৱাই আহিব সেয়া হ’ব লক্ষ্যণীয়।
উল্লেখ্য, শুকুৰবাৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে নৱ নিৰ্মিত ৰাজভৱন উদ্বোধন কৰাৰ লগতে খানাপাৰাত পঞ্চায়ত প্ৰতিনিধি সন্মিলনত ভাষণ প্ৰদান কৰিব। তাৰোপৰি তেওঁ অংশগ্ৰহণ কৰিব গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানতো।