ৰাজ্যত প্ৰৱল ধুমুহা-বতাহ, ঠায়ে ঠায়ে বিস্তৰ ক্ষতি VIDEO

ৰাজ্যত প্ৰৱল ধুমুহা-বতাহ, ঠায়ে ঠায়ে বিস্তৰ ক্ষতি VIDEO

author-image
asomiyapratidin
New Update
ৰাজ্যত প্ৰৱল ধুমুহা-বতাহ, ঠায়ে ঠায়ে বিস্তৰ ক্ষতি VIDEO

ডিজিটেল সংবাদ, গুৱাহাটীঃ আচম্বিতে অহা এজাক ধুমুহাই মহানগৰীৰ জনজীৱন বুধবাৰে মুৰ্হুততে স্তদ্ধ কৰি পেলায়। লকডাউন চলি থকাৰ বাবেই দুৰ্ঘটনা আদি সংঘটিত নহলেও হঠাতে ধুলিয়ে ঢাকি ধৰা আৰু প্ৰচণ্ড ধুমুহাৰ ফলত অন্ধকাৰ চন্ন হৈ পৰে মহানগৰীৰ বাট-পথ আৰু বসতিপূৰ্ণ এলেকা।

Advertisment

তীব্ৰ বেগেৰে বলা বতাহজাকৰ ফলত বিভিন্ন স্থানত গছ-গছনি ভঙাৰ উপৰিও অস্থায়ী চালিৰ লগতে বাট-পথৰ দাতিৰ হৰ্ডিং-চাইন বৰ্ড আদিয়ো উৰুৱাই নিয়ে। প্ৰায় আধা ঘন্টায়ো অধিক সময় অব্যাহত থাকে এই ধুমুহাৰ। ধুমুহাৰ পিছতে আৰম্ভ হৈছে পাতলীয়া বৰষুণ।

অৱশ্য মহানগৰীৰ দাতিকাষৰীয়া চন্দ্ৰপুৰ, বৰবাৰী, খানাপাৰা, গড়চুক, গাড়ীগাঁও, লকেশ্বৰ, চয়গাওঁ, গৰৈমাৰী, সোণতলী আদি অঞ্তলত প্ৰথমে ধুলিৰ ধুমুহাই আন্ধাৰ কৰি পোলৱাৰ পিছতে প্ৰৱল বৃষ্টিপাত হয়। চয়গাওঁ, সোণতলী আদি অঞ্চলত গছ-গছনিৰ লগতে কিছু সংখ্যক ঘৰ-দুৱাৰো ভাঙি পৰে। অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ বাতৰি লিখাৰ লৈকে যদিও পোৱা হোৱা নাই। কিন্তু দিনৰ ১ বজালৈকে অব্যাহত আছে ধুমুহা।