২৭ বছৰৰ পৰিশ্ৰমৰ অন্তত ধৰ্মেশ্বৰ ডেকাৰ মুখত প্ৰাপ্তিৰ হাঁহি...

২৭ বছৰীয়া পৰিশ্ৰমৰ অন্তত প্ৰাপ্তিৰ হাঁহি এজন লোকৰ মুখত। দুখ-কষ্ট, ঘাত-প্ৰতিঘাত, ৰ’দ-বৰষুণকো নেওচি ২ সন্তানক পঢ়ুৱাৰ প্ৰতিদান পালে পিতৃয়ে।

author-image
Asomiya Pratidin
New Update
fetrhfdfdsf

ডিজিটেল সংবাদ, গুৱাহাটীঃ ২৭ বছৰীয়া পৰিশ্ৰমৰ অন্তত প্ৰাপ্তিৰ হাঁহি এজন লোকৰ মুখত। দুখ-কষ্ট, ঘাত-প্ৰতিঘাত, ৰ’দ-বৰষুণকো নেওচি ২ সন্তানক পঢ়ুৱাৰ প্ৰতিদান পালে পিতৃয়ে। শাক-পাচলি বিক্ৰী কৰি জীৱন অতিবাহিত কৰা এই সাধাৰণ মানুহজনে আজি গৌৰৱেৰে বুকু ফিন্দাই  ক’ব পাৰে - তেওঁৰ পৰিশ্ৰম বিফল নহ’ল। কাৰণ ২ পুত্ৰই লাভ কৰিলে চৰকাৰী চাকৰি। এতিয়া আৰু তাহানিৰ দুখ-বেদনা নাথাকে লোকজনৰ।

১৯৯৯ চনত অর্থাৎ প্ৰায় ২৭ বছৰ পূৰ্বে পত্নী আৰু ডাঙৰ সন্তানক লৈ গুৱাহাটীলৈ আহিছিল ধৰ্মেশ্বৰ ডেকা। জীৱন-জীৱিকাৰ বাবে সৰুকৈ আৰম্ভ কৰিছিল পাচলিৰ ব্যৱসায়। আৰ্থিক অনাটনৰ মাজতেৰেই চলিছিল সংসাৰ। সময়ৰ লগে লগে বাঢ়িল পৰিয়াল, তিনিজনীয়া পৰিয়ালটো ক্ৰমে চাৰিজনীয়া হ’ল। দায়িত্ব বাঢ়িল, কিন্তু জীৱন যুজঁত হতাশ হোৱা নাছিল ধৰ্মেশ্বৰ ডেকা। সামান্য আয়েৰে সন্তান দুটাক অসম জাতীয় বিদ্যালয়ত পঢ়ুৱাবলৈ লোৱা এই পিতৃয়ে সদায় এটা সপোন বুকুত লৈ ফুৰিছিল। এদিন তেওঁৰ দুখ-কষ্ট সাৰ্থক হ’ব। শাক-পাচলি দোকানখনৰ মাজতেই তেওঁ দেখিছিল সন্তানৰ উজ্জ্বল ভৱিষ্যৎ। দিন-ৰাতি কষ্ট কৰি পৰিয়াল চলাই, সন্তানক মানুহ হিচাপে গঢ় দিয়াত কোনো অভাব নকৰিলে তেওঁ।

আজি সেই সপোন বাস্তৱ হ’ল। অসম চৰকাৰৰ নিকা আৰু স্বচ্ছ মেধাভিত্তিক নিযুক্তি প্ৰক্ৰিয়াত ধৰ্মেশ্বৰ ডেকাৰ দুই পুত্ৰই লাভ কৰিলে চৰকাৰী চাকৰি। এজন পুত্ৰই কৃষি বিভাগত আৰু আনজন শিক্ষা বিভাগত নিযুক্তি লাভ কৰিছে। অহা ১০ জানুৱাৰীত দুয়ো পুত্ৰই আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ লাভ কৰিব। একেলগে দুই পুত্ৰৰ চৰকাৰী নিযুক্তিয়ে যেন এসময়ৰ সকলো দুখ-বেদনাক ম্লান কৰি পেলালে। যি পিতৃয়ে নিজে শাক-পাচলি বিক্ৰী কৰি জীৱন যুঁজিছিল, সেই পিতৃ আজি দুই চৰকাৰী কৰ্মচাৰীৰ অভিভাৱক। আনন্দত উপচি পৰা ধৰ্মেশ্বৰ ডেকাই অসম চৰকাৰৰ নিকা নিযুক্তি প্ৰক্ৰিয়াৰ প্ৰশংসা কৰাৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৃতজ্ঞতা জ্ঞাপন কৰে। এসময়ৰ সীমাহীন কষ্ট আজি গৌৰৱৰ কাহিনীত পৰিণত হৈছে। ধৰ্মেশ্বৰ ডেকাৰ জীৱন কাহিনী আজিৰ সমাজৰ বাবে এক প্ৰেৰণাদায়ক উদাহৰণ। পৰিশ্ৰম, ধৈৰ্য আৰু বিশ্বাস থাকিলে সপোন এদিন নিশ্চয় সাৰ্থক হয়।

গুৱাহাটী