/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-11-06-37.jpeg)
ডিজিটেল ডেস্কঃ মহানগৰীত সংঘটিত হৈছে এক শিহৰণকাৰী ডকাইতি কাণ্ড। ফটাশিল আমবাৰী আৰক্ষী থানাৰ অন্তৰ্গত গণেশপাৰাৰ ‘স্নেহাশ্ৰয়’ নামৰ এটা অট্টালিকাত ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত এটা ডকাইতৰ দলে চিনেমাৰ কায়দাৰে চলাই ডকাইতি কাণ্ড।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-imag-2026-01-20-11-05-55.jpeg)
প্ৰাপ্ত তথ্য অনুসৰি, এখন বগা ৰঙৰ চুইফট ডিজায়াৰ বাহনত অহিছিল মুখমণ্ডলত ক'লা কাপোৰ পৰিহিত চাৰিজনীয়া ডকাইতৰ এটা দল । সেই দলটোৱে ব্যৱসায়ী অনিল ডেকাৰ বাসগৃহত প্ৰৱেশ কৰে। ঘটনাৰ সময়ত ব্যৱসায়ী অনিল ডেকা বিদেশত অধ্যয়নৰত কন্যাক থ’বলৈ বিমানবন্দৰলৈ গৈছিল।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2026-01-20-11-06-12.jpeg)
সেই সময়ত ঘৰত কেৱল পত্নী কৰবী ডেকা আৰু গাড়ী চালকজন উপস্থিত আছিল। পিষ্টল আৰু চোকা অস্ত্ৰৰে ডকাইতৰ দলটোৱে কৰবী ডেকা আৰু চালকজনক ভয়ানকভাৱে আক্ৰমণ কৰে। আনকি কৰবী ডেকাৰ মুখত পিষ্টল সুমুৱাই প্ৰাণে মৰাৰ ভাবুকি দি আলমাৰিৰ চাবি কাঢ়ি লয় বুলিও জানিব দিয়ে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2-2026-01-20-11-06-55.jpeg)
উল্লেখ্য যে, ইয়াৰ পাছতে ঘৰত থকা নগদ ধন, সোণৰ অলংকাৰসহ সকলো মূল্যবান সামগ্ৰী দলটোৱে লুটি লৈ যায় । এই সমগ্ৰ দৃশ্য বাসগৃহটোত থকা চিচিটিভি কেমেৰাত আৱদ্ধ হৈছে। ঘটনাৰ খবৰ পোৱাৰ লগে লগে ফটাশিল আমবাৰী আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/20/whatsapp-image-2-2026-01-20-11-07-10.jpeg)
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us