গুৱাহাটী কমার্চ কলেজত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন…

গুৱাহাটী কমার্চ কলেজত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন…

author-image
asomiyapratidin
New Update
গুৱাহাটী কমার্চ কলেজত স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন…

ডিজিটেল ডেস্কঃ গুৱাহাটী কমাৰ্চ কলেজৰ এন.এছ.এছ আৰু এন. চি.চিৰ উদ্যোগত স্বাধীনতাৰ অমৃত মহোৎসৱৰ বিভিন্ন কাৰ্য্যসূচী পালন কৰা হৈছে। এন.এছ.এছৰ দুয়োটা শাখাৰ তত্বাৱধায়কদ্বয় ড° শ্বেতা পেগু আৰু ড° সুমধুৰ ৰয়ৰ পৰিচালনাত ১৫ গৰাকী স্বেচ্ছাসেৱকে ৩ আগষ্টৰ পৰা ঘৰে ঘৰে ত্ৰিৰংগা উত্তোলনৰ প্ৰচাৰ কাৰ্য্য চলাই আছে।

১২ আগষ্টত প্রায় ১৩০০ ছাত্ৰ-ছাত্ৰীৰ মাজত স্বাধীনতাৰ অমৃত মহোৎসৱৰ তাৎপৰ্য সম্পৰ্কত সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰচাৰ চলোৱা হয়। তদুপৰি সিদিনাখনেই মহাবিদ্যালয়ৰ ড° ভগৱান চন্দ্ৰ লহকৰ প্ৰেক্ষাগৃহত প্ৰায় ৪০০ ছাত্ৰ-ছাত্ৰীৰ মাজত স্বদেশ প্রেমমূলক গীতৰ পৰিবেশন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হয়।

১৩ আগষ্টৰ ৰাতিপুৱা ৭-৩০ বজাত ভাৰতীয় পতাকা উত্তোলন কৰা হয়। ১৪ আগষ্টটো জাতীয় পতাকা উত্তোলন কৰা হ'ব। ১৫ আগষ্টত পতাকা উত্তোলনৰ পাছত ছাত্র-শিক্ষকৰ অংশ গ্রহনেৰে এক বাইক ৰেলীও উলিওৱা হ'ব। উল্লেখযোগ্য যে, গুৱাহাটী কমাৰ্চ কলেজে ২০১৫ চনৰ পৰাই প্ৰতিটো স্বাধীনতা দিৱস উপলক্ষে এই বাইক ৰেলী উলিয়াই আহিছে।