/asomiyapratidin/media/media_files/2025/09/25/ujjjss-2025-09-25-16-56-47.jpg)
ডিজিটেল ডেস্কঃ জুবিন গাৰ্গৰ মৃত্যুৰ পাছতে শিল্পীগৰাকীয়ে জীৱিত অৱস্থাত এটা বেয়া পোৱা কাম কৰিবলৈ লৈছে নেকি অসম চৰকাৰে? শেহতীয়াকৈ এই সন্দেহৰ উদয় হৈছে গুৱাহাটী ক্লাৱ- নুনমাটি সংযোগী উৰণ সেতুঁৰ নিৰ্মাণ কাৰ্যক লৈ।
উল্লেখ কৰা প্ৰয়োজন যে, এই উৰণ সেতুখনৰ নিৰ্মাণ কাৰ্য আৰম্ভ হোৱাৰে পৰা ভিন্ন বিৰ্তকৰ অৱতাৰণা হৈছিল। উৰণ সেতুখন নিৰ্মাণৰ বাবে গুৱাহাটী ক্লাৱৰ পথৰ কাষত থকা গছসমূহ কটাক লৈ প্ৰথমে তীব্ৰ আন্দোলন হৈছিল।
সচেতন জনতাৰ এই আন্দোলন দেখি উক্ত স্থানত থকা গছ সমূহ তাৰ পৰা বিজ্ঞানসন্মতভাৱে স্থানান্তৰ কৰাৰ লগতে উৰণ সেতুখনৰ আৰ্হিও সলনি কৰিছিল। খোদ মুখ্যমন্ত্ৰীয়ে এই ঘোষণা কৰাৰ পাছতে আন্দোলন কিছু শাম কাটিছিল। পৰিৱেশ ৰক্ষাৰ এই আন্দোলনত নামি পৰিছিল জুবিন গাৰ্গো।
আন্দোলনত অংশ লৈ জুবিনে স্পষ্ট বাৰ্তা দিছিল যে, কোনো কাৰণতেই দীঘলীপুখুৰীৰ সৌন্দৰ্য বিনষ্ট কৰিবলৈ দিয়া নহ’ব। সকলো কাম তেনেকৈয়ে আগবাঢ়িছিল। কিন্তু অতি শেহতীয়াকৈ অসম চৰকাৰ তথা লোকনিৰ্মাণ বিভাগৰ কৰ্মকাণ্ড দেখি পুনৰ সন্দেহ উপজিছে সচেতন ৰাইজৰ।
মুখ্যমন্ত্ৰীয়ে নিজেই পূৰ্বে ঘোষণা কৰিছিল যে, উক্ত উৰণ সেতুখন ৰিজাৰ্ভ বেংকৰ পৰিৱৰ্তে গুৱাহাটী ক্লাৱৰ পৰা কিছু নিলগতে শেষ হ’ব। মুখ্যমন্ত্ৰীৰ এই ঘোষণা বাস্তৱত অসাৰ প্ৰতিপন্ন হোৱাৰ দিশে। কিয়নো ইতিমধ্যে দীঘলীপুখুৰীৰ একেবাৰে সমীপত উৰণ সেতুখনৰ খুটাঁ নিৰ্মাণৰ বাবে কুজকাৱাজ আৰম্ভ কৰিছে বিভাগে। ইতিমধ্যে নিৰ্মাণকাৰ্যৰ সকলো সামগ্ৰী উক্ত স্থানত মজুত কৰা হৈছে।
মুখ্যমন্ত্ৰীৰ ভাষ্যৰ বিপৰীতে বিভাগৰ এনে কামক লৈ যথেষ্ট উদ্বিগ্ন হৈ পৰা সচেতন ৰাইজে আজি বিশিষ্ট চিন্তাবিদ অপূৰ্ব বৰুৱাৰ নেতৃত্বত চানমাৰিস্থিত মুখ্য অভিযন্ত্ৰাৰ কাৰ্যালয়ত উপস্থিত হৈ সমগ্ৰ ঘটনাৰ সবিশেষ জানিবলৈ বিভাগীয় বিষয়াক লগ ধৰে।
সচেতন ৰাইজৰ এই দলটোক মুখ্য অভিযন্ত্ৰাগৰাকীয়ে স্পষ্টভাৱে জনায় যে, দীঘলীপুখুৰীৰ এটা কোণত উৰণ সেতুখনৰ এটা খুটাঁ নিৰ্মাণ কৰিবলৈ ওলোৱাতো সচাঁ। যদিহে এনে হ’বলৈ পায় তেন্তে এই দলংখনৰ বাবে পুনৰ দীঘলীপুখুৰীৰ পাৰৰ অন্য বহু গছ কাটিব লাগিব।
মুখ্যমন্ত্ৰী গৰাকীৰ মুখৰ কথা আৰু বিভাগৰ কাম-কাজৰ মাজত মিল নথকা এই বিষয়টোক লৈ গভীৰ আক্ষেপ প্ৰকাশ কৰে বিশিষ্ট চিন্তাবিদ অপূৰ্ব বৰুৱাই। তেওঁ কয় যে, এই বিষয়টোক লৈ আমি অনাগত সময়ত অধিক তথ্য সংগ্ৰহ কৰি ইয়াৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিম।