গুৱাহাটী শিশু নাট্য বিদ্যালয়ৰ অভিলাষী প্ৰযোজনা 'ফচং'

অসমৰ শিশু নাট্যক্ষেত্ৰখনৰ অগ্ৰণী গোষ্ঠী তথা প্ৰশিক্ষণ প্ৰতিষ্ঠান 'গুৱাহাটী শিশু নাট্য বিদ্যালয়ে' বিগত দুটা দশকতকৈয়ো অধিক কাল শিশু-নাটৰ ক্ষেত্ৰত এক প্ৰভুত বৰঙনি আগবঢ়ায় আহিছে।

author-image
Asomiya Pratidin
New Update
222

ডিজিটেল সংবাদ, গুৱাহাটী : অসমৰ শিশু নাট্যক্ষেত্ৰখনৰ অগ্ৰণী গোষ্ঠী তথা প্ৰশিক্ষণ প্ৰতিষ্ঠান 'গুৱাহাটী শিশু নাট্য বিদ্যালয়ে' বিগত দুটা দশকতকৈয়ো অধিক কাল শিশু-নাটৰ ক্ষেত্ৰত এক প্ৰভুত বৰঙনি আগবঢ়ায় আহিছে। প্ৰতি বছৰে নাট কৰ্মশালাৰ লগতে নাট প্ৰযোজনা, প্ৰতিযোগিতা আয়োজন কৰি অভিনয় ক্ষেত্ৰখনত ন ন শিকাৰুৰ জন্ম দি আহিছে।

এই প্ৰতিষ্ঠানৰ পৰা প্ৰশিক্ষিত বহু শিক্ষাৰ্থী এতিয়া অসমৰ অভিনয় জগতত সু-প্ৰতিষ্ঠিত। প্ৰসিদ্ধ, দক্ষ নাট্যকাৰ, নাট পৰিচালক তথা চিনেমা পৰিচালক, অভিনেতা মানিক ৰয়ৰ তত্ত্বাৱধানত পৰিচালিত এই প্ৰতিষ্ঠানে এইবাৰ প্ৰযোজনা কৰিছে মাধুৰীমা ঘৰফলীয়াৰ বহুপঠিত তথা শিশু সাহিত্য অকাডেমী পুৰস্কৃত শিশু-উপন্যাস 'ফচং'ৰ নাট্যৰূপ 'ফচং'।

মানিক ৰয়ৰ পৰিকল্পনা,নাট্যৰূপ আৰু পৰিচালনাৰে মঞ্চস্থ হ'ব আধুনিক পুতলা নাট 'ফচং'। অহা ১৮ আৰু ১৯ নৱেম্বৰ ২০২৫ত গুৱাহাটীৰ শ্ৰী শ্ৰী মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত সন্ধিয়া ৬ বাজি ১৫ মিনিটৰ পৰা এই নাটকখন পৰিবেশন কৰা হ'ব।

এই নাটকখন উপভোগ কৰাৰ বাবে প্ৰবেশ-পত্ৰ সংগ্ৰহ কৰাৰ বাবে দুটি ফোন নম্বৰ উদ্যোক্তাসকলে মুকলি কৰিছে। সেয়া হৈছেঃ 9864047363/ 7002605792।

ইচ্ছুক দৰ্শকসকলে এই দুটি নম্বৰত ফোন অথবা হোৱাটছএপ কৰি নিজৰ প্ৰবেশ-পত্ৰ সংগ্ৰহ কৰিব পাৰিব। দুয়োটা দিনৰ দৰ্শনীতে ৰাইজৰ উপস্থিতি গুৱাহাটী শিশু নাট্য বিদ্যালয়ে আগ্ৰহেৰে কামনা কৰিছে।

গুৱাহাটী