/asomiyapratidin/media/media_files/2025/12/17/new-ap-web-4-11-2025-12-17-11-28-43.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীৰ এখন ব্যক্তিগত হাস্পতালত দালালৰ দপদপনি। দালাল চক্ৰৰ কবলত পৰি সৰ্বস্বান্ত হ'ল এগৰাকী মাতৃ। ৰোগীৰ জীৱনৰে হেতালি খেলিছে দিছপুৰৰ কছম' মেডিকেলে।দুমাহ পূৰ্বে দুৰ্ঘটনাত পতিত হৈ GMCHত ভৰ্তি হৈছিল ১৯ বছৰীয়া ঋষি পণ্ডিত নামৰ যুৱকজন। মূৰত আঘাতপ্ৰাপ্ত হৈছিল যুৱকজন।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/25fde386-ca67-40ed-b716-b48bce8434e5-2025-12-17-11-27-10.jpg)
উল্লেখ্য যে, উন্নত চিকিৎসাৰ বাবে যুৱকজনক বিহাৰৰ পাটনালৈ নিয়াৰ পৰামৰ্শ দিছিল এগৰাকী চিকিৎসকে। কিন্তু GMCHৰ পৰা পাটনালৈ নিয়াৰ পৰিৱৰ্তে দালালে দিছপুৰৰ কছম' মেডিকেলত কৌশলেৰে ভৰ্তি কৰাইছিল যুৱকজনক। বাবু নামৰ এটা দালাল টেকনিচিয়ানে ৪৫ হাজাৰ টকাত কছম' মেডিকেলত চিকিৎসা প্ৰদানৰ কৰিব পাৰি বুলি আশ্বাস দিছিল দুৰ্ভগীয়া মাতৃগৰাকীক।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/6380af4a-c509-41e2-96de-81f56b74690d-2025-12-17-11-27-22.jpg)
৬ ডিচেম্বৰত দিছপুৰৰ কচমো মেডিকেলত ভৰ্তি হৈছিল যুৱকজন। যুৱকজনৰ স্বাস্থ্য অধিক অৱনতি ঘটাত ভেণ্টিলেশ্যনত ভৰ্তি কৰাই।ইপিনে যুৱকজন সুস্থ অৱস্থাত আছে বুলি মাতৃক অৱগত কৰিছিল চিকিৎসালয় কৰ্তৃপক্ষই। কিন্তু আজি পুৱা হঠাৎ যুৱকজনৰ মৃত্যু হোৱা বুলি সদৰি কৰে মাতৃক। এই খবৰ পোৱাৰ পাছতে হাহাকৰ অৱস্থা হয় মাতৃগৰাকীৰ। বিগত ১১ দিনে বিভিন্ন ঔষধ, পৰীক্ষাৰ নামত ৮-১০ হাজাৰকৈ ধন আদায় কৰাৰ অভিযোগ উত্থাপন কৰিছে মাতৃয়ে। চিকিৎসালয়খনৰ লুণ্ঠনৰাজৰ বাবে দিছপুৰ আৰক্ষীৰ কাষ চাপিও বিমুখ হ'ল দুৰ্ভগীয়া মাতৃ। আৰক্ষীয়ে এই ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ। এত্য়া প্ৰশ্ন উত্থাপন হৈছে কাৰ চক্ৰান্তত পৰি সৰ্বস্বান্ত হ’ল এগৰাকী মহিলা?
/filters:format(webp)/asomiyapratidin/media/media_files/2025/12/17/6380af4a-c509-41e2-96de-81f56b74690d-2025-12-17-11-27-53.jpg)
ইপিনে ৰোগীজন ভৰ্তি হোৱাৰ সময়তে অৱস্থা সংকটজনক আছিল বুলি পৰিয়ালক অৱগত কৰা হৈছিল। কিন্তু ৰোগীৰ অভিভাৱকে ধন পৰিশোধ কৰিব নোৱাৰা বাবেই উন্নত চিকিৎসাৰ বাবে অন্য হাস্পতাললৈ নিবলৈ দিয়া নাছিল কৰ্তৃপক্ষই। ১১ দিনত হাস্পতালখনত বিল হৈছিল মুঠ ২ লাখ ৩৪ হাজাৰ ৬৫০ টকা। ৰোগীৰ অভিভাৱকে পৰিশোধ কৰিছিল ২০ হাজাৰ টকা। যিজন টেকনিচিয়ানে মহিলাগৰাকীক কচমো মেডিকেললৈ লৈ আহিছিল তেওঁৰ সৈতে হাস্পতাল কৰ্তৃপক্ষৰ ভাল সম্পৰ্ক বুলি অকপট স্বীকাৰোক্তি।দালালৰ সৈতে হাস্পতালখনৰ ঘনিষ্ঠ সম্পৰ্কৰ বিষয়টোৱে সৃষ্টি হৈছে ৰহস্য।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us