/asomiyapratidin/media/media_files/2025/07/06/new-ap-web-1-2025-07-06-09-20-11.jpg)
ডিজিটেল ডেস্কঃ মহানগৰীত ইখনৰ পিছত সিখনকৈ নিৰ্মাণ কৰা হৈছে উৰণ সেতু গুৱাহাটীত সৃষ্টি হোৱা যান-জঁট সমস্যা লাঘৱ কৰাৰ লক্ষ্যৰে নিৰ্মাণ কৰা আন এখন উৰণ সেতু আজি মুকলি কৰিব মুখ্যমন্ত্ৰীয়ে। ৰুক্মিণীগাঁও অঞ্চলত সৃষ্টি হৈ অহা তীব্ৰ যান-জঁটৰ সমস্যা সমাধানৰ লক্ষ্যৰে নিৰ্মাণ কৰা সেতুখন আজি আনুষ্ঠানিকভাৱে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুকলি কৰিব।
প্ৰায় ৬৫০ মিটাৰ দীঘল এই উৰণ সেতুখনে দিছপুৰ আৰু ছয়মাইলৰ মাজত এক গুৰুত্বপূৰ্ণ সংযোগ বিন্দু হিচাপে কাম কৰিব। বিশেষকৈ কাৰ্যালয়ৰ সময়ত এই পথ প্ৰতিদিনে তীব্ৰ যান-জঁটৰ সন্মুখীন হয় হাজাৰ হাজাৰ যাত্ৰী। নতুন উৰণ সেতুখনে এই চাপ বহু পৰিমাণে হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।
উল্লেখ্য যে এই উৰণ সেতুখন নিৰ্মাণত প্ৰায় ১১১ কোটি টকা ব্যয় কৰা হৈছে। ২০২৪ চনৰ অক্টোবৰ মাহত নিৰ্মাণ আৰম্ভ হোৱাৰ মাত্ৰ ৯ মাহৰ ভিতৰতে সম্পূৰ্ণ কৰা হয় সেতুখনৰ নিৰ্মাণকাৰ্য। সূত্ৰ অনুসৰি, সেতুখনৰ মূল চুক্তিৰ অধীনত কামৰ খৰচ আছিল ৮৮ কোটি, বাকীখিনি আছিল ফিনিছিং আৰু আনুষংগিক কামৰ খৰচ।
ইফালে, একাধিক নিৰ্মাণ কোম্পানীয়ে একেলগে কাম কৰি নিৰ্ধাৰিত সময়ত চৰকাৰৰ লক্ষ্য পূৰণ কৰিছিল। মহানগৰ প্ৰশাসনৰ মতে, এই ফ্লাইঅভাৰখনৰ ফলত ৰুক্মিণীগাঁৱৰ লগতে গণেশগুৰিৰ পৰা বেলতলালৈ যোৱা গুৰুত্বপূৰ্ণ কেন্দ্ৰসমূহতো যান-জঁট সমস্যা হ্ৰাস পাব।
আনহাতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সংবাদ মাধ্যমৰ সন্মুখত কয় যে ৰুক্মিণীগাঁৱৰ এই উৰণ সেতুখনৰ লগতে ছুপাৰ মাৰ্কেটত নিৰ্মীয়মান আনখন উৰণ সেতুৰ নাম প্ৰাচীন কামৰূপৰ ৰজা ভগদত্তৰ নামেৰে নামকৰণ কৰা হ’ব। এই দুখন উৰণ সেতুক ভগদত্ত-১ আৰু ভগদত্ত-২ নামেৰে নামকৰণ কৰা হ’ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।