/asomiyapratidin/media/media_files/2025/04/07/qxserAnng2nvOeijVnqG.jpg)
ডিজিটেল সংবাদ,হাওৰাঘাট: গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ উদ্যোগত কোকৰাঝাৰ টাউন ব্ৰহ্ম মন্দিৰ প্ৰাংগণত এখন সভা অনুষ্ঠিত হয়। উক্ত সভাতেই ৭ সংখ্যক গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটা ২০২৫ ৰ বাবে উৰিষ্যাৰ অধ্যাপক অচ্যুত সমান্তাৰ নাম ঘোষণা কৰা হয়।
এই সন্দৰ্ভত গুৰুদেৱ কালীচৰণ ব্ৰহ্ম ট্ৰাষ্টৰ সভাপতি ড° অজিত বড়োই এক প্ৰেছ বিজ্ঞপ্তিৰ জৰিয়তে জানিবলৈ দিয়ে। গুৰুদেৱ কালীচৰণ ব্ৰহ্ম বঁটাত আছে নগদ ১ লাখ, এৰি কাপোৰ, আৰণাই, প্ৰমাণ পত্ৰ আৰু স্মাৰক। উক্ত বঁটা ১৮ এপ্ৰিলত বাৰ্মা কলেজত অনুষ্ঠিত হ'বলগীয়া গুৰুদেৱ কালীচৰণ ব্ৰহ্মৰ ১৬৬ সংখ্যক জন্মজয়ন্তী অনুষ্ঠানত প্ৰদান কৰা হ'ব।
উক্ত অনুষ্ঠানত উপস্থিত থাকিব বি টি আৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো। উল্লেখ্য যে, অধ্যাপক অচ্যুত সমান্তা হৈছে Kalinga Institute of Industrial Technology and Kalinga Institute of Social Science ৰ প্ৰতিষ্ঠাপক । বৰ্তমান তেওঁ ভলিবল ফেডাৰেশ্যন অফ ইণ্ডিয়াৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।