/asomiyapratidin/media/media_files/2026/01/29/1-2026-01-29-19-25-38.jpg)
ডিজিটেল ডেস্কঃ প্রতিৰোধ মূলক স্বাস্থ্যসেৱাৰ প্ৰতি নিজৰ দায়বদ্ধতা পুনৰ দৃঢ় কৰি জিএনআৰচি হাস্পতালৰ তৰফৰ পৰা জানুৱাৰী মাহটোক 'ষ্ট্ৰ'ক প্রতিৰোধ আৰু সজাগতা মাহ' হিচাপে পালন কৰা হৈছে। দিনক দিনে বৃদ্ধি পাই অহা ষ্ট্ৰ'ক ৰোগীৰ সংকটৰ সৈতে মোকাবিলা কৰিবলৈ তামুলপুৰ জিলাৰ গোৰেশ্বৰ আঞ্চলিক শ্রীমন্ত শংকৰদেৱ সত্ৰত সংবাদমেলৰ আয়োজন কৰে।
সংবাদমেলত উপস্থিত থাকি ষ্ট্ৰ'কৰ বিষয়ে নিজৰ বক্তব্য দাঙি ধৰে জিএনআৰচি দিছপুৰৰ স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ সুভাষ ভুইন আৰু জিএনআৰচি উত্তৰ গুৱাহাটীৰ স্নায়ুশৈল্য বিশেষজ্ঞ ডাঃ জোনেড আহমেদ আৰু জিএনআৰচি এম্বুলেন্স সেৱাৰ মুৰব্বী ৰছিদুল ইছলামে। দুয়োগৰাকী বিশেষজ্ঞই ষ্ট্ৰ'কৰ চিকিৎসা আৰু প্রতিবোধমূলক দিশসমূহৰ বিষয়ে আলোচনা কৰাৰ বিপৰীতে এম্বুলেন্স সেৱাৰ মুৰব্বী ৰছিদুল ইছলামে ৰোগী চিকিৎসালয়লৈ অনাৰ পূৰ্বৰ যত্ন দ্রুত এম্বুলেন্স সেৱাৰ পৰা আৰম্ভ কৰি ৰোগীক সঠিক চিকিৎসা কেন্দ্রলৈ তাৎক্ষনিকভাবে লৈ যোৱাৰ গুৰুত্বৰ বিষয়ে সাংবাদিকসকলক অবগত কৰে। ষ্ট্ৰ'ক এক নীৰৱ ঘাতক ৰূপে সমাজত ক্রমান্বয়ে দ্রুতগতিত বৃদ্ধি পাই আহিছে। বর্তমান সমাজত ষ্ট্ৰ'ক বিশ্বজুৰি মৃত্যু আৰু পংগুত্বৰ এক অন্যতম প্রধান কাৰণ হৈ পৰিছে। চিকিৎসকসকলে ইয়াৰ উদ্বেগজনক কাৰকসমূহ আঙুলিয়াই দি কয় যে- আমাৰ বর্ধিত বয়সৰ জনসংখ্যা, শাৰীৰিক পৰিশ্রম অবিহনে জীৱনশৈলী, দীর্ঘদিনীয়া মানসিক চাপ, অনিয়ন্ত্রিত ৰক্তচাপ আৰু ডায়েবেটিছৰ লগতে ধঁপাত আৰু মদ্যপানৰ ব্যৱহাৰৰ ফলত ষ্ট্ৰ'কৰ সংখ্যা দিনক দিনে বৃদ্ধি হৈছে। অসমত প্রতিদিনে প্রায় ২০০ জন লোক ষ্ট্ৰ'কৰ আক্রান্ত হয়। ৰাজ্যখনত বছৰি ৭২,০০০ তকৈ অধিক ষ্ট্ৰ'কৰ ৰোগী পঞ্জীয়ন কৰা হয়। কিন্তু ইমান অস্বাভাৱিকভাবে ষ্ট্ৰ'ক ৰোগীৰ সংখ্যা বৃদ্ধি পোৱাৰ পাছতো আমাৰ সমাজৰ জনসাধাৰণৰ মাজত ষ্ট্ৰ'কৰ সজাগতাৰ অভাৱ দেখা যায়।
/asomiyapratidin/media/post_attachments/77425b09-d95.png)
ষ্ট্ৰ'কত আক্রান্ত ৰোগীৰ বাবে প্রতিটো মুহূর্ত অতি গুৰুত্বপূর্ণ। ষ্ট'কৰ লক্ষণসমূহ চিনাক্ত কৰকঃ
চিকিৎসকসকলে জনায় যে সর্বসাধাৰণ ৰাইজে ষ্ট্ৰ'কৰ প্ৰাৰম্ভিক পর্যায়ৰ লক্ষণসমূহৰ বিষয়ে জানিলে ৰোগীক মৃত্যু তথা আজীৱন পংগুত্ব হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে। লগতে সকলোকে F. A.S.T. সূত্রটো মনত ৰাখিবলৈ আহ্বান জনায়ঃ
১. F (Face): মুখৰ এফাল বেকা হোৱা
২. A (Arm): বাহুৰ দুৰ্বলতা বা জিনজিননি
৩.S (Speech): কথা কওঁতে অসুবিধা হোৱা বা শব্দবোৰ অস্পষ্ট হোৱা
৪. T (Time): পলম নকৰি লগে লগে এম্বুলেন্সৰ লগত যোগাযোগ কৰা।
ষ্ট'ক ৰোগীক 'গ'ল্ডেন আৱাৰ' বা সোণালী সময়ৰ ভিতৰত চিকিৎসা আৰম্ভ কৰিব পাৰিলে বহু ৰোগীক মৃত্যু আৰু আজীবন পক্ষাঘাত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰি। লগতে ডাঃ সুভাষ ভুইনে কয় যে- ষ্ট'কক আপোনালোকে 'ব্রেইন এটেক' হোবা বুলি ভাবিব পাবে। ষ্ট'কত আক্রান্ত ৰোগীৰ বাবে প্রতিটো মুহূর্ত অতি মূল্যবান। যেতিয়া মগজুলৈ তেজৰ চলাচল বন্ধ হয়, তেতিয়াই মগজুৰ কোষবোৰ মৰিবলৈ ধৰে। আমি প্রায়ে বহু ৰোগী হাস্পতাললৈ পলমকৈ অহা দেখিবলৈ পাওঁ। হাস্পতাললৈ আহোতে পলম হোৱাৰ বাবে ৰোগীৰ মগজুৰ যথেষ্ট পৰিমাণে ক্ষতি হয়। লগতে ষ্ট্ৰ'কৰ আধুনিক চিকিৎসা সমুহ প্রয়োগ কৰি ৰোগীক সহায় কৰিবৰ বাবে ষ্ট্ৰ'ক ব্যৱস্থা থকা হাস্পতালত ৰোগীজনক তিনি ঘণ্টাৰ ভিতৰত ভর্তি কৰিব লাগিব। সেয়েহে প্রতিটো মুহূর্ত ৰোগীজনৰ পৰিয়াল সজাগ হৈ থাকিব লাগিব। সেয়েহে যদিহে জনসাধাৰণে ষ্ট্ৰ'কৰ লক্ষণবোৰ বিষয়ে ভালদৰে জানি দ্রুত পদক্ষেপ হাতত ল'লে আমি বহু লোকৰ জীৱন ৰক্ষা কৰিব পাৰিম আৰু পক্ষাঘাটো প্ৰতিৰোধ কৰিব পাৰিম।"
ডাঃ জোনেড আহমেদে জনায় যে- "আপোনালোকে জানি সুখী হ'ব যে ৯০ শতাংশ ষ্ট'ক প্রতিৰোধযোগ্য। সর্বসাধাৰণ ৰাইজে কিছুমান সাধাৰণ তথা সহজ জীৱন ৰক্ষাকাৰী উপায় অৱলম্বন কৰিলে- যেনে নিয়মিত ৰক্তচাপ পৰীক্ষা কৰা, ডায়েবেটিছ নিয়ন্ত্রণ কৰা, ধূমপান আৰু নিজকে বহু পৰিমাণে ৰক্ষা কৰিব পাৰিম। ষ্ট্ৰ'ক মাৰাত্মক যদিও আমাৰ হাতত ইয়াক প্রতিৰোধ কৰাৰ ক্ষমতাও আছে।" এম্বুলেন্স সেৱা হ'ল আপোনালোকৰ বাবে প্রথম প্রতিবক্ষা কবচ বুলি ৰছিদুল ইছলামে সকলোকে পুনৰাই সোঁৱৰাই দিয়ে। ষ্ট'কত আক্রান্ত ৰোগীৰ সহায়ৰ বাবে ফোন কৰা মুহূৰ্তৰ পৰাই ৰোগীৰ জৰুৰীকালীন সেৱা আৰম্ভ হয়। তেওঁ কয় যে- "ৰোগীৰ সোনকালে লক্ষণ চিনাক্ত কৰা, ৰোগীক সঠিকভাবে পৰিচালনা কৰা আৰু তেওঁলোকক ষ্ট'ক সাজু' হাস্পতাললৈ নিয়া- এই সেৱাই এজন ব্যক্তিৰ সুস্থ হোৱা আৰু আজীৱন অক্ষমতাৰ মাজত পার্থক্য আনিব পাৰে।"
ষ্ট'কত আক্রান্ত ব্যক্তিক ষ্ট'ক সাজু' হাস্পতালত চিকিৎসাৰ বাবে নিয়াটো কিয় প্রয়োজন? চিকিৎসকসকলে স্পষ্ট কৰি দিয়ে যে সকলো হাস্পতাল ষ্ট'কৰ জৰুৰীকালীন অৱস্থা চম্ভালিবলৈ সক্ষম নহয়। এখন ষ্ট'ক সাজু হাস্পতালত ২৪ ঘণ্টাই তলত দিয়া সুবিধাসমুহ থকাটো প্রয়োজন। প্রশিক্ষিত ক্রিটিকেল কেয়াৰ টিমৰ সৈতে 24x7 আই চি ইউ (ICU) 24x7 স্নায়ু ৰোগ বিশেষজ্ঞ উপলব্ধ। জৰুৰীকালীন শল্য চিকিৎসাৰ বাবে 24x7 স্নায়ু শল্য বিশেষজ্ঞৰ সুবিধা থকা, উন্নত চিকিৎসাৰ বাবে 24x7,নিউৰোভাস্কুলাৰ লেব, 24x7 চিটি স্কেন (CT Scan)আৰু লগে লগে ৰিপ'ৰ্ট পোৱাৰ সুবিধা।
কিয়নো ষ্ট'ক ৰোগীৰ বাবে প্রতিটো মুহূর্তই গুৰুত্বপূর্ণ। ডাঃ সুভাষ ভুইনে লগতে জনায় যে, "যেতিয়া এজন ষ্ট'ক ৰোগী আহে, তেতিয়া ৰোগীক ৰাতিপুৱাৰ শ্বিফটলৈ ৰৈ থকা বা আন ঠাইলৈ ৰেফাৰ কৰাৰ সময় নাথাকে। ৰোগীক শীঘ্রেই চিকিৎসা প্রদান কৰিবলৈ সকলো বস্তু সকলো সময়তে লগে লগে সাজু থাকিব লাগে।" জিএনআৰচি হাস্পতাল হৈছে উত্তৰ-পূব ভাৰতৰ ভিতৰত এনে এখন স্বীকৃত 'ষ্ট্র'ক-বেডী' হাস্পতাল, য'ত এই সকলোবোৰ গুৰুত্বপূর্ণ সুবিধা ২৪ ঘণ্টাই সকলো সময়তে একেঠাইতে উপলব্ধ। এখন সুস্থ অসমৰ বাবে জিএনআৰচিৰ দৃষ্টিভংগী, সজাগতা অভিযান, জন সম্পৰ্কৰক্ষী কাৰ্যসূচী আৰু জৰুৰীকালীন ষ্ট্ৰ'ক সেবা শক্তিশালী কৰাৰ জৰিয়তে এখন 'সুস্থ অসম' গঢ়ি তুলিবলৈ জিএনআৰচি হাস্পতাল সদায় দায়বদ্ধ। চিকিৎসকসকলে সংবাদ মাধ্যমকো এই জীৱন ৰক্ষাকাৰী তথ্য প্রচাৰ আৰু প্ৰসাৰ কৰাত সহায় কৰিবলৈ আহ্বান জনায়। আপোনালোকৰ সহায়ত আমি প্রতিখন ঘৰলৈ এই সংবাদ দিব পাৰো যেঃ ষ্ট্ৰ'ক প্রতিৰোধযোগ্য, চিকিৎসাযোগ্য আৰু ইয়াত সময়ৰ গুৰুত্ব অপৰিসীম।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us