গুমা সমষ্টিৰ প্ৰাৰ্থী লক্ষীৰাজ বসুমতাৰীৰ মনোনয়ন নাকচ

কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ মনোনয়ন পৰীক্ষণৰ অন্তত ১২১ জন প্ৰাৰ্থী বৈধ বুলি বিবেচিত হৈছে। আনহাতে জিলাখনৰ গুমা সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী লক্ষীৰাজ বসুমতাৰীৰ মনোনয়ন নাকচ কৰা হয়। 

author-image
Asomiya Pratidin
New Update
DSDSDSDSDSSSSSSSSSSSSSSSSSS

ডিজিটেল সংবাদ, কোকৰাঝাৰঃ কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিৰ মনোনয়ন পৰীক্ষণৰ অন্তত ১২১ জন প্ৰাৰ্থী বৈধ বুলি বিবেচিত হৈছে। আনহাতে জিলাখনৰ গুমা সমষ্টিৰ এগৰাকী নিৰ্দলীয় প্ৰাৰ্থী লক্ষীৰাজ বসুমতাৰীৰ মনোনয়ন নাকচ কৰা হয়। 

সমষ্টি অনুসৰি বৈধ প্ৰাৰ্থীসকল হ'ল ক্ৰমে

  • পৰ্বতঝোৰা সমষ্টিত ৯ গৰাকী 
  • গুমা সমষ্টিত ১৯ গৰাকী 
  • শ্ৰীৰামপুৰ সমষ্টিত ১১ গৰাকী 
  • যমদুৱাৰ সমষ্টিত ১২ গৰাকী 
  • চৰাইবিল সমষ্টিত ১০ গৰাকী
  • কচুগাঁও সমষ্টিত ১১ গৰাকী 
  • ফকিৰাগ্ৰাম সমষ্টিত ১৭ গৰাকী 
  • দোতমা সমষ্টিত ৭ গৰাকী 
  • বনৰগাঁও সমষ্টিত ৭ গৰাকী
  • দেৱৰগাঁও সমষ্টিত ৫ গৰাকী
  • বাওখুংগ্ৰী সমষ্টিত ৮ গৰাকী
  • আৰু ছালাকাটি সমষ্টিত ৫ গৰাকী প্ৰাৰ্থীৰ 

জিলাখনত মনোনয়ন বৈধ হোৱা প্ৰাৰ্থীৰ সংখ্যা ১২১ গৰাকী হোৱাৰ বিপৰীতে মাথো গুমা সমষ্টিত এগৰাকী প্ৰাৰ্থীৰ মনোনয়ন নাকচ হৈছে । 

উল্লেখযোগ্য যে, কোকৰাঝাৰ জিলাৰ ১২ টা সমষ্টিত এইবাৰ কেবাগৰাকী হেভিৱেইট প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। সেই প্ৰাৰ্থীসকল হ'ল ক্ৰমে দোতমা সমষ্টিত ইউপিপিএলৰ সভাপতি তথা বিটিচিৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়ো , দেৱৰগাঁও সমষ্টিত বিপিএফৰ সভাপতি তথা বিটিচিৰ প্ৰাক্তন মুখ্য কাৰ্যবাহী হাগ্ৰামা মহিলাৰী, দেৱৰগাঁও সমষ্টিত বিটিচিৰ প্ৰাক্তন উপ মুখ্য কাৰ্যবাহী খাম্ফা বৰগয়াৰী, ছালাকাটি সমষ্টিত বিধায়ক লৰেন্স ইছলাৰী আৰু কচুগাঁও সমষ্টিত বিধায়ক ৰবিৰাম নাৰ্জাৰী । আনহাতে দোতমা সমষ্টিত বিজেপিৰ প্ৰাৰ্থী মনোৰঞ্জন ব্ৰহ্ম প্ৰাৰ্থীসকলৰ ভিতৰত সকলোতকৈ ধনবান বুলি বিৱেচিত হৈছে। ইপিনে প্ৰাৰ্থীত্ব প্ৰত্যাহাৰৰ অন্তিম দিন অহা ৬ ছেপ্টেম্বৰ বুলি নিৰ্বাচন আয়োগে স্থিৰ কৰিছে।  

আনহাতে, বিটিচি নিৰ্বাচনক লৈ কোকৰাঝাৰ মহকুমাৰ ৬ টা সমষ্টিৰ বাবে ৰাজ্যিক নিৰ্বাচন আয়োগে দুই পৰ্যবেক্ষকক নিয়োগ কৰিছে। ফকিৰাগ্ৰাম, দোতমা আৰু বনৰগাঁও সমষ্টিৰ বাবে জাবেদ আৰ্মান , এচিএচ আৰু দেৱৰগাঁও , বাওখুংগ্ৰী আৰু ছালাকাটি সমষ্টিৰ বাবে অনুপম চক্ৰৱৰ্তীক ৰাজ্যিক নিৰ্বাচন আয়োগে পৰ্যবেক্ষকক নিয়োগ কৰিছে। পৰ্যবেক্ষকদ্বয়ক কোকৰাঝাৰ আৱৰ্ত ভৱনত কৰ্মদিনত ৰাতিপুৱা ১০ বজাৰ পৰা ১২ বজালৈ সাক্ষাৎ কৰিব পাৰিব।

বিটিচি