এইবাৰ বন্দে ভাৰত ৰে'লৰ চেপাত মৃত্যু হ'ল মহিলাৰ...

author-image
Asomiya Pratidin
New Update
এইবাৰ বন্দে ভাৰত ৰে'লৰ চেপাত মৃত্যু হ'ল মহিলাৰ...

বন্দে ভাৰত এক্সপ্ৰেছ

ডিজিটেল ডেস্কঃ কালিকা লাগিছে 'বন্দে ভাৰত এক্সপ্ৰেছ'ত। এটাৰ পিছত আন এটা অঘটন সংঘটিত হৈ আহিছে এই ৰে'লখনত। কেতিয়াবা যদি গৰুক খুন্দা মাৰিছে আন কেতিয়াবা আকৌ ৰে'লখনৰ চকা গলি গৈ ৰে'লখনৰ যাত্ৰাত বাধা প্ৰদান কৰিছে।

এইবাৰ আকৌ ৰে'লখনৰ বাবে মৃত্যু হ'ল এগৰাকী ৫৪ বছৰীয়া মহিলাৰ। দুৰ্ভগীয়া মহিলাগৰাকীয়ে ৰে'লৱে ট্ৰেক পাৰ হোৱাৰ সময়তে মঙ্গলবাৰে বিয়লি প্ৰায় ৪ঃ৩৭ বজাত ৰে'লখনৰ খুন্দাত মৃত্যু হয়। নিহত মহিলাগৰাকী বিয়াট্ৰিছ আৰ্চিবাল্ড পিটাৰ বুলি চিনাক্ত কৰা হৈছে।

প্ৰকাশিত খবৰ মতে মহিলাগৰাকী আহমেদাবাদৰ বাসিন্দা। তেওঁ আনন্দত এজন আত্মীয়ক লগ কৰিবলৈ গৈ আছিল। ৰে'লখন গান্ধীনগৰ ৰাজধানী আস্থানৰ পৰা মুম্বাই চেণ্ট্ৰেললৈ গৈ আছিল।

উল্লেখ্য যে যোৱা ৩০ ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে বন্দে ভাৰত চুপাৰ ফাষ্ট ৰে'লৰ ফ্লেগ অফ কৰিছিল। যোৱা এটা মাহত এই ৰে'লৰ ধাৰাবাহিক খুন্দাত কেইবাটাও জন্তুৰ মৃত্যু হৈছে।

bande bharat express