ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ ৪টাকৈ পদক লাভ, ১০০ মি: দৌৰত অম্লান বৰগোঁহাইৰ নতুন অভিলেখ...

২৯ ছেপ্টেম্বৰৰ পৰা গুজৰাটত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা ২০২২

author-image
Asomiya Pratidin
New Update
ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ ৪টাকৈ পদক লাভ, ১০০ মি: দৌৰত অম্লান বৰগোঁহাইৰ নতুন অভিলেখ...

team assam

ডিজিটেল ডেস্ক : ২৯ ছেপ্টেম্বৰৰ পৰা গুজৰাটত অনুষ্ঠিত হৈছে ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা ২০২২। শনিবাৰে এই ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ তৃতীয়টো দিন। অসমে বৰ্তমানলৈ ৪ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে। আজি তৃতীয়টো দিনত অসমৰ অম্লান বৰগোঁহায়ে লাভ কৰে সোণৰ পদক।

উল্লেখ্য যে অম্লান বৰগোঁহায়ে ১০০ মিটাৰ দৈৰ ১০.২৫ ছেকেণ্ডত সম্পূৰ্ণ কৰি নতুন ৰাষ্ট্ৰীয় অভিলেখ গঢ়িবলৈ সক্ষম হয়। ইয়াৰ পূৰ্বে ২০১৬ চনত ৰাষ্ট্ৰীয় ক্ৰীড়াত ১০০ মিটাৰ দৌৰ ১০.২৬ ছেকেণ্ডত সম্পূৰ্ণ কৰি অভিলেখ গঢ়িছিল। ২০২২ বৰ্ষত ৰাষ্ট্ৰীয় ক্ৰীড়াত অসমৰ অম্লান বৰগোঁহায়ে ১০.২৫ ছেকেণ্ডত দৌৰ সম্পূৰ্ণ কৰি নতুন অভিলেখ গঢ়ে।

ইয়াৰ উপৰিও চাইক্লিষ্ট চয়নিকা গগৈয়ে লাভ কৰিলে ৰূপৰ পদক। ১০ কিলোমিটাৰ শাখাত চয়নিকা গগৈয়ে লাভ কৰিলে এই পদক। আনহাতে, লন বলতো নয়নমণি শইকীয়াই ব্রঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হয়। ভাৰোত্তোলনতো ৰূপৰ পদক লাভ কৰে অসমৰ খেলুৱৈ পপী হাজৰিকাই। ৫৯ কেজি শাখাত পপীয়ে ৰূপৰ পদত লাভ কৰে।

assam india national games