/asomiyapratidin/media/media_files/2025/10/16/new-ap-web-2-1-2025-10-16-16-59-31.jpg)
ডিজিটেল ডেস্কঃ গুজৰাটত ৰাজনৈতিক সংকট দেখিবলৈ পোৱা গৈছে। কিছু সময় পূৰ্বে ভাৰতীয় জনতা পাৰ্টি শাসিত গুজৰাট চৰকাৰৰ ১৬ জন মন্ত্ৰীৰ আটাইকেইজনে পদত্যাগ কৰিছে। মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলক পদত্যাগ পত্ৰ দাখিল কৰে।
পদত্যাগ কৰা মন্ত্ৰীসকল হৈছে-
- কানুভাই দেশাই – বিত্ত, শক্তি আৰু পেট্ৰ’কেমিকেলছ (পাৰ্ডি)
- বলৱন্ত সিং ৰাজপুত – উদ্যোগ, শ্ৰম আৰু নিয়োগ (সিধপুৰ)
- ঋষিকেশ পেটেল – স্বাস্থ্য, পৰিয়াল কল্যাণ আৰু উচ্চ শিক্ষা (বিসনগৰ)
- ৰাঘৱজী পেটেল – কৃষি, পশুপালন আৰু মীন (জামনগৰ গ্ৰাম্য)
- কুঁৱৰজীভাই বাৱলীয়া – পানী যোগান আৰু অসামৰিক যোগান (জছদান)
- ভানুবেন বাবাৰিয়া – সামাজিক ন্যায় আৰু নাৰী আৰু শিশু উন্নয়ন (ৰাজকোট গ্ৰাম্য)
- মুলুভাই বেৰা – পৰ্যটন, বন আৰু পৰিৱেশ (খাম্ভলিয়া)
- কুবেৰ দন্দোৰ – শিক্ষা আৰু জনজাতি উন্নয়ন (সন্ত্ৰামপুৰ এছ টি)
- নৰেশ পেটেল-
- বাচুভাই খাবাদ
- পাৰ্শ্বোত্তম সোলাংকি
- হৰ্ষ সংঘবী
- জগদীশ বিশ্বকৰ্মা
- মুকেশভাই জিনাভাই পেটেল
- কুঁৱাজীভাই হালপতি
- ভিকুভাই চতুৰ্সিং পৰমাৰ
আজি মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ বাসগৃহত এক গুৰুত্বপূৰ্ণ বৈঠকৰ অন্তত পদত্যাগ কৰাৰ পূৰ্বে সকলো মন্ত্ৰীয়ে মুখ্যমন্ত্ৰীৰ সৈতে সাক্ষাৎ কৰিছিল। এই বৈঠকতে মুখ্যমন্ত্রীৰ বাহিৰে সকলো মন্ত্রীয়ে পদত্যাগ কৰে।
উল্লেযোগ্য যে, শুকুৰবাৰে মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ নেতৃত্বত গুজৰাটৰ কেবিনেট সম্প্ৰসাৰণ কৰা হ’ব। ইয়াৰ পূৰ্বে আজি সকলো ৰাজ্যিক মন্ত্ৰীয়ে পদৰ পৰা পদত্যাগ কৰে। বিজেপিৰ এজন জ্যেষ্ঠ নেতাই পূৰ্বে উল্লেখ কৰিছিল যে, "আগন্তুক কেবিনেট সম্প্ৰসাৰণৰ ফলত ৰাজ্যখনলৈ প্ৰায় ১০ জন নতুন মন্ত্ৰী আহিব। আনহাতে, বৰ্তমানৰ প্ৰায় আধা মন্ত্ৰীক সলনি কৰা হ'ব।"
ইফালে আজিৰ বৈঠকৰ অন্তত বিজেপিৰ ৰাজ্যিক সভাপতি জগদীশ বিশ্বকৰ্মাই প্ৰথমে পদত্যাগ কৰিছিল। পৰৱৰ্তী সময়ত সকলো মন্ত্ৰীয়ে ইজনৰ পিছত সিজন পদত্যাগ কৰে।
এই সিদ্ধান্তৰ পিছতে এতিয়া সকলোৰে দৃষ্টি নতুন মন্ত্ৰীসভাৰ ঘোষণাৰ ওপৰত। কাইলৈ ​​অৰ্থাৎ শুকুৰবাৰে (১৭ অক্টোবৰ) গান্ধীনগৰৰ মহাত্মা মন্দিৰত অনুষ্ঠিত হ’ব নতুন মন্ত্ৰীসভাৰ শপতগ্ৰহণ অনুষ্ঠান।