বাৰ্নষ্টাইনৰ প্ৰতিবেদনঃ জি এছ টি হ্ৰাসে জোতা, QSR, FMCG, খুচুৰা বিক্ৰীত পেলাব ইতিবাচক প্ৰভাৱ

জি এছ টিৰ হাৰৰ ব্যাপক হ্ৰাসে ভাৰতত জোতা, দ্ৰুত সেৱা প্ৰদানকাৰী ৰেষ্টুৰেণ্ট (QSR), দ্ৰুত গতিত চলা ভোগ্যপণ্য (FMCG), গেলা মালৰ খুচুৰা ব্যৱাসয়ত ইতিবাচক প্ৰভাৱ পেলাব।

author-image
Asomiya Pratidin
New Update
বাৰ্নষ্টাইনৰ প্ৰতিবেদনঃ জি এছ টি হ্ৰাসে জোতা, QSR, FMCG, খুচুৰা বিক্ৰীত পেলাবইতিবাচক প্ৰভাৱ

ডিজিটেল ডেস্কঃ জি এছ টিৰ হাৰৰ ব্যাপক হ্ৰাসে ভাৰতত জোতা, দ্ৰুত সেৱা প্ৰদানকাৰী ৰেষ্টুৰেণ্ট (QSR), দ্ৰুত গতিত চলা ভোগ্যপণ্য (FMCG), গেলা মালৰ খুচুৰা ব্যৱাসয়ত ইতিবাচক প্ৰভাৱ পেলাব। গ্ল’বেল ফাইনান্সিয়েল সেৱা প্ৰতিষ্ঠান বাৰ্নষ্টাইনে এক প্ৰতিবেদনত এই কথা উল্লেখ কৰিছে আৰু অন্যান্য বিশেষজ্ঞসকলেও ইয়াত সহমত পোষণ কৰিছে। 

বাৰ্নষ্টাইনৰ প্ৰতিবেদন অনুসৰি, ব্যক্তিগত যত্নৰ সামগ্ৰী যেনে চাবোন, শ্বেম্পু, চুলিৰ তেল, পাউদাৰ, আৰু টুথপেষ্টৰ ওপৰত জিএছটি হাৰ ১২ শতাংশ আৰু ১৮ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে।এই পদক্ষেপে FMCG কোম্পানীসমূহক তৎক্ষণাৎ মূল্য নিৰ্ধাৰণৰ সুবিধা প্ৰদান কৰিব, যাৰ ফলত তেওঁলোকে গ্ৰাহকৰ পৰা লোৱা মুঠ মূল্যৰ অধিক অংশ ধৰি ৰাখিব পাৰিব। জি এছ টিৰ এই হ্ৰাসে গ্ৰাহকৰ ক্ৰয় ক্ষমতা বৃদ্ধিৰ জৰিয়তে চাহিদা বৃদ্ধি কৰিব।"

প্ৰতিবেদনত আৰু কোৱা হৈছে যে ডি-মাৰ্ট, বিশাল মেগা মাৰ্ট, আৰু ষ্টাৰ (ট্ৰেণ্টৰ অংশ)ৰ দৰে গ্ৰ’চাৰী খুচৰা ব্যৱসায়ীৰ লগতে দ্ৰুত বাণিজ্য প্ৰতিষ্ঠানসমূহে এই পদক্ষেপৰ পৰা অধিক লাভৱান হ’ব। পোছাক আৰু জোতাৰ খণ্ডত, ১০০০ টকাৰ তলৰ পোছাকৰ জিএছটি আগতে ৫ শতাংশ আৰু তাৰ ওপৰৰ পোছাকৰ জিএছটি ১২ শতাংশ আছিল।

আনহাতে ১০০০ টকাৰ তলৰ জোতাৰ জিএছটি ১২ শতাংশ আৰু তাৰ ওপৰৰ জোতাৰ জিএছটি ১৮ শতাংশ আছিল। এতিয়া, ১০০০ টকাৰ পৰা ২৫০০ টকাৰ মাজৰ পোছাক আৰু জোতাৰ জিএছটি ৫ শতাংশ কৰা হৈছে। আনহাতে ২৫০০ টকাৰ ওপৰৰ পোছাকৰ জিএছটি ১২ শতাংশৰ পৰা বৃদ্ধি কৰি ১৮ শতাংষ কৰা হৈছে (২৫০০ টকাৰ ওপৰৰ জোতাৰ জিএছটি আগতেই ১৮ শতাংশ আছিল)।

প্ৰতিবেদনত উল্লেখ কৰা হৈছে, "আমি ভাবো এই পদক্ষেপ ট্ৰেণ্টৰ বাবে কিছু পৰিমাণে ইতিবাচক, কিয়নো তেওঁলোকৰ ৩০ শতাংশ ৰাজহ ১০০০ টকাৰ গড় বিক্ৰী মূল্যৰ ওপৰত। ABLBL (আদিত্য বিড়লা লাইফষ্টাইল ব্ৰেণ্ডছ লিমিটেড) আৰু ABFRL (আদিত্য বিড়লা ফেশ্বন এণ্ড ৰিটেইল)ৰ বাবেও এই পদক্ষেপ লাভজনক হ’ব। কিয়নো তেওঁলোকৰ পণ্যৰ বৃহৎ অংশ ১০০০ টকাৰ ওপৰৰ।" 

বিশাল মেগা মাৰ্ট, ভি-মাৰ্ট, ভি২ ৰিটেইল, আৰু ষ্টাইল বাজাৰৰ দৰে মূল্যভিত্তিক পোছাক খুচৰা ব্যৱসায়ীৰ ক্ষেত্ৰত এই পৰিৱৰ্তনৰ প্ৰভাৱ মোটামুটি নিৰপেক্ষ হ’ব। কিয়নো তেওঁলোকৰ অধিকাংশ পণ্যৰ মূল্য ১০০০ টকাৰ তলত।

জোতাৰ জিএছটিৰ যৌক্তিকৰণে লিবাৰ্টি, কেম্পাছ, আৰু মেট্ৰ’ৰ দৰে খুচৰা ব্যৱসায়ীসমূহৰ ওপৰত প্ৰভাৱ পেলাব। দ্ৰুত সেৱা প্ৰদানকাৰী ৰেষ্টুৰেণ্টৰ ক্ষেত্ৰত পনীৰ, পেকেজিং সামগ্ৰী, চচ, মাখন/ঘি/মাৰ্জাৰিন আদিৰ ওপৰত জিএছটি হ্ৰাসৰ ফলত লাভান্বিত হ’ব। 

জিএছটি পৰিষদে যোৱা বুধবাৰে এক বিস্তৃত আলোচনাৰ পিছত জি এছ টিৰ উল্লেখযোগ্য হাৰ হ্ৰাসত অনুমোদন জনায়। যাক চৰকাৰে দেশবাসীৰ বাবে দীপাৱলীৰ উপহাৰ হিচাপে উল্লেখ কৰিছে। এই জিএছটি হাৰ হ্ৰাসৰ পাছত এয়া কাৰ্যকৰী হ’ব অহা ২২ ছেপ্টেম্বৰৰ পৰা।

জি এছ টি জি এছ টি পৰিষদ