জি এছ টি সংস্কাৰে ভাৰতৰ হীৰা আৰু জুৱেলাৰী খণ্ডলৈ আনিছে যথেষ্ট সকাহ

কেন্দ্ৰীয় চৰকাৰে জি এছ টি সংস্কাৰে ভাৰতৰ হীৰা আৰু জুৱেলাৰী খণ্ডলৈ যথেষ্ট সকাহ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰিছে Gem and Jewellery Export Promotion Council চমুকৈ GJEPC-এ।

author-image
Asomiya Pratidin
New Update
জি এছ টি সংস্কাৰে ভাৰতৰ হীৰা আৰু জুৱেলাৰী খণ্ডলৈ আনিছে যথেষ্ট সকাহ

ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে জি এছ টি সংস্কাৰে ভাৰতৰ হীৰা আৰু জুৱেলাৰী খণ্ডলৈ যথেষ্ট সকাহ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰিছে The Gem and Jewellery Export Promotion Council চমুকৈ GJEPC-এ।

হীৰা আমদানিত IGST মুকলি

ডায়মণ্ড ইম্প্ৰেস্ট অথৰাইজেচন স্কীম (DIAS) অনুসৰি ২৫ চেণ্ট পৰ্যন্ত কটা আৰু পলিচ কৰা প্ৰাকৃতিক হীৰাৰ আমদানি এতিয়া IGST-ৰ পৰা মুকলি কৰা হৈছে। পূৰ্বে ইয়াৰ ওপৰত আছিল ১৮ শতাংশ জি এছ টি।

ইয়াৰ ফলত সৰু হীৰা প্ৰছেছিংত জড়িত উদ্যোগপতি আৰু ৰপ্তানীকাৰীসকলৰ কাৰ্যপুঁজিৰ হ্ৰাস পাব।

জুৱেলৰীৰ বাকচত জি এছ টি হ্ৰাস

জুৱেলৰীৰ বাকচত জি এছ টি ১২ শতাংশৰ পৰা হ্ৰাস কৰি ৫ শতাংশ কৰা হৈছে। ইয়াৰ ফলত খুচৰা ব্যৱসায়ী আৰু ৰপ্তানীকাৰীসকলৰ খৰচ হ্ৰাস পাব। লগতে পেকেজিং আৰু উপহাৰৰ সামগ্ৰীও গ্ৰাহকসকলৰ বাবে অধিক সুলভ হ’ব।

GJEPC-ৰ প্ৰতিক্ৰিয়া

GJEPC-ৰ চেয়ারমেন কিৰিত ভান্সালিয়ে ওঅ সন্দৰ্ভত কয়, ‘’এই পদক্ষেপে দেশীয় চাহিদা বৃদ্ধি কৰিব আৰু বিশ্বব্যাপী প্ৰত্যাহ্বানৰ মাজত আমাৰ ৰপ্তানী যোগান শৃংখলাক প্ৰয়োজনীয় সহায় কৰিব।" তেওঁ লগতে স্পষ্ট কৰে যে জুৱেলাৰীৰ বাকচত খৰচ হ্ৰাস পোৱাৰ সুবিধা গ্ৰাহকসকলে লাভ কৰিব।

সকলো খণ্ডলৈ আহিব সুফল

জি এছ টি হ্ৰাস কেৱল হীৰা-জুৱেলাৰীতেই সীমিত নহয়। হেণ্ডিক্ৰাফ্ট, চামৰাৰ সামগ্ৰী, পেকেজিং আদি খণ্ডতো ইয়াৰ প্ৰভাৱ পৰিব। মুঠতে ভাৰতৰ হীৰা আৰু জুৱেলাৰী উদ্যোগক অধিক শক্তিশালী কৰিব।

জি এছ টিৰ এই নতুন সংস্কাৰে ব্যয় হ্ৰাস কৰাৰ লগতে গ্ৰাহকৰ বাবে সুলভতা আৰু ৰপ্তানি প্ৰযোগিতাতো সক্ষমতা বৃদ্ধি কৰিব। 

GJEPC-য়ে আশা প্ৰকাশ কৰিছে যে এই পদক্ষেপে দেশীয় বৃদ্ধি আৰু ৰপ্তানী খণ্ড দুয়োটাকেই সুদৃঢ় কৰি ভাৰতক বিশ্বৰ হীৰা প্ৰছেছিং, জুৱেলাৰী ডিজাইন আৰু ৰপ্তানীৰ অন্যতম কেন্দ্ৰ হিচাপে অধিক মজবুত শক্তিশালী কৰি তুলিব।

জি এছ টি পৰিষদ জি এছ টি