গাড়ী কিনাৰ কথা ভাৱিছে নেকি! আৰু ১৬দিন ৰৈ দিলে পাব ৬০হাজাৰ টকাৰ অফাৰ...

গাড়ী কিনে যদি ৰৈ দিয়ক আৰু কেইটামান দিন। কিয়নো চলিত বৰ্ষৰ ২২ছেপ্টেম্বৰৰ পৰা দাম কমিব বাহনৰ । বিশেষকৈ ১২০০ চি চিৰ লৈকে ইঞ্জিনযুক্ত পেট্ৰলৰ বাহন আৰু ১৫০০চিচিৰ লৈকে ডিজেল বাহনৰ মূল্য হ্ৰাস পাব।

author-image
Asomiya Pratidin
New Update
dmsss

ডিজিটেল ডেস্কঃ গাড়ী কিনে যদি ৰৈ দিয়ক আৰু কেইটামান দিন। কিয়নো চলিত বৰ্ষৰ ২২ছেপ্টেম্বৰৰ পৰা দাম কমিব বাহনৰ । বিশেষকৈ ১২০০ চি চিৰ লৈকে ইঞ্জিনযুক্ত পেট্ৰলৰ বাহন আৰু ১৫০০চিচিৰ লৈকে ডিজেল বাহনৰ মূল্য হ্ৰাস পাব। ৪মিটাৰতকৈ কম দৈৰ্ঘ্যৰ বাহনৰ জি এছ টি ২৯-৩১শতাংশৰ পৰা ১২-১৫শতাংশলৈ হ্ৰাস কৰা হৈছে।

শেহতীয়াকৈ ঘোষণা কৰা জি এছ টিৰ নতুন স্তৰ অনুসৰি প্ৰায় ৫লাখ টকাৰ এনে গাড়ীৰ মূল্য প্ৰায় ৬২,৫০০টকা পৰ্যন্ত হ্ৰাস পাব। ইফালে ৩৫০চি চিতকৈ কম ইঞ্জিনযুক্ত বাইকত পূৰ্বৰ ২৮শতাংশ কৰৰ পৰিৱৰ্তে ১৮শতাংশ কৰ ধাৰ্য কৰা হৈছে জি এছ টি-২.০ত। 

ইফালে বিলাসী বাহনৰ সা-সজুলিৰ ক্ষেত্ৰত পূৰ্বৰ ৪৩- ৫০শতাংশৰ বিপৰীতে এতিয়াৰে পৰা ৪০শতাংশ জি এছ টি আদায় দিব লাগিব গৰাকীয়ে। উল্লেখ্য যে,  চলিত বৰ্ষৰ অহা ২২ছেপ্টেম্বৰৰ পৰা দেশত প্ৰযোজ্য হ'ব নতুন জি এছ টি। বৰ্তমান দেশত বলৱৎ হৈ থকা বহুতৰপীয়া জি এছ টি  ব্যৱস্থাৰ ব্যাপক সালসলনিৰ কথা ইতিমধ্যে ঘোষণা কৰিছে কেন্দ্ৰীয় চৰকাৰে। 

নতুন জি এছ টি ব্যৱস্থাত বিলাসী সামগ্ৰী আৰু ধপাতযুক্ত সামগ্ৰীত ৪০শতাংশ পৰ্যন্ত কৰ আৰোপ কৰাৰ কথা উল্লেখ কৰা হৈছে। ৪০শতাংশ কৰ আৰোপ কৰা সামগ্ৰী সমূহ হৈছে-  পাণ-মচলা, চিগাৰেট, গুটখা, অন্য ধপাত জাতীয় সামগ্ৰী,  চিগাৰ, কফি, অনলাইন গেমৰ সামগ্ৰী, শীতল পানীয়ৰ দৰে সামগ্ৰী।

নতুন এই ৪০শতাংশ কৰ আৰোপ ব্যৱস্থাই  গুটখা আৰু চিগাৰেট খোৱা লোকসকলক বিশেষভাৱে প্ৰভাৱ পেলাব। এতিয়া যি পেকেট চিগাৰেট ২৫৬টকাত ক্ৰয় কৰে, সেই পেকেট চিগাৰেটৰ দাম হ'বগৈ ২৮০টকা।প্ৰায় ২৪টকা দাম বৃদ্ধি হব প্ৰতিপেকেট চিগাৰেটত। ঠিক তেনেকৈ গুটখা পেকেটৰ দামো বৃদ্ধি পাব অহা ২২ছেপ্টেম্বৰৰ পৰা। 

জি এছ টি