১৮২ কোটি টকাৰ জি এছ টি ফাঁকি ! গেৰুকামুখৰ NHPC ত অভিযান...

হু বিতৰ্কিত. বহু চৰ্চিত গেৰুকামুখৰ এন এইছ পি চিৰ জি এছ টি ফাঁকিৰ বিৰুদ্ধে আজি জি এছ টি বিভাগে চলাইছে অভিযান। বৃহৎ নদীবন্ধ নিৰ্মাণত প্ৰায় ১৮২ কোটি টকাৰ জি এছ টি ফাঁকি।

author-image
Asomiya Pratidin
New Update
১৮২ কোটি টকাৰ জি এছ টি ফাঁকি ! গেৰুকামুখৰ NHPC ত অভিযান...

ডিজিটেল সংবাদ লখিমপুৰঃ বহু বিতৰ্কিত. বহু চৰ্চিত গেৰুকামুখৰ এন এইছ পি চিৰ জি এছ টি ফাঁকিৰ বিৰুদ্ধে আজি জি এছ টি বিভাগে চলাইছে অভিযান। মঙলবাৰে গেৰুকামুখৰ এন এইছ পি চিত জি এছ টি বিভাগে বৃহৎ নদীবন্ধ নিৰ্মাণত প্ৰায় ১৮২ কোটি টকাৰ জি এছ টি ফাঁকি দিয়াৰ বিৰুদ্ধে অভিযান চলায়।  

ইয়াত থকা BGS SGS SOMA নামৰ ঠিকাদাৰী প্ৰতিষ্ঠানৰ কাৰ্যালয়ত ডি এছ টি বিভাগৰ এটা বৃহৎ অভিযানকাৰী দলে এই অভিযান চলায়। পুৱা দহ বজাৰ পৰা কেইবাঘণ্টা ধৰি চলা অভিযানত জি এছ টি ফাঁকিৰ সন্দৰ্ভত বহু তথ্য লাভ অভিযানকাৰী দলটোৰ। 

জানিব পৰা মতে এই প্ৰতিষ্ঠানটোৱে ভুৱা ইনপুট টেক্স ক্ৰেডিট, ভুৱা জি এছ টি ইনভইছ লোৱাৰ উপৰিও অনলাইন পৰিবহণ পাৰ্মিট আৰু এল অ’ নোলোৱাকৈ প্ৰায় ১৮২ কোটি টকাৰ জি এছ টি পৰিশোধ নকৰাকৈ ফাঁকি দিছিল। 

 BGS SGS SOMA  নামৰ এই প্ৰতিষ্ঠানটোৱে  গেৰুকামুখৰ বৃহৎ নদী বান্ধ নিৰ্মাণত উপ-নিবিদাৰ জৰিয়তে এন এইছ পি চিকক সামগ্ৰী যোগান ধৰি আহিছিল। তাতো প্ৰতিষ্ঠানটোৱে জি এছ টি ফাঁকি দিয়াৰ তথ্য পোহৰলৈ আহিছে ৷

জি এছ টি এন এইছ পি চি