সাধাৰণ জনতাৰ হ'ব লাভ! জি এছ টিক লৈ চৰকাৰে গ্ৰহণ কৰিব নতুন নীতি...

দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সুস্থিৰতা অনাৰ লগতে সাধাৰণ জনতাৰ জীৱন আয়কৰৰ ক্ষেত্ৰত সহজ-সৰল কৰিবলৈ মোডী চৰকাৰে কিছু পৰিকল্পনা কৰি আছে। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই আয়কৰ ক্ষেত্ৰত মোডী

author-image
Asomiya Pratidin
New Update
jdjjdd

ডিজিটেল ডেস্কঃ দেশৰ অৰ্থনৈতিক ক্ষেত্ৰখনত সুস্থিৰতা অনাৰ লগতে সাধাৰণ জনতাৰ জীৱন আয়কৰৰ ক্ষেত্ৰত সহজ-সৰল কৰিবলৈ মোডী চৰকাৰে কিছু পৰিকল্পনা কৰি আছে। সকলো ঠিকে ঠাকে থাকিলে অচিৰেই আয়কৰ ক্ষেত্ৰত মোডী চৰকাৰে গ্ৰহণ কৰিব কেতবোৰ নতুন নীতি।

২০২৫বৰ্ষৰ বাজেটত জি এছ টিৰ ক্ষেত্ৰত অনা পৰিৱৰ্তন আৰু আয়কৰ শ্লেপ হ্ৰাস কৰাৰ পাছতে এতিয়া জি এছ টি প্ৰক্ৰিয়াক অধিক সৰল আৰু স্বচ্ছ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে কিছু নীতি প্ৰস্তুত কৰিছে। সাধাৰণ গ্ৰাহক তথা ব্যৱাসায়ীয়ে যাতে জি এছ টিৰ ক্ষেত্ৰত কোনো জটিলতা বা সন্দেহৰ অৱকাশ নাথাকে তাৰ বাবে বিশেষ কিছু পৰিকল্পনা কৰিছে কেন্দ্ৰই।

সাধাৰণ লোকে দৈনন্দিন ব্যৱহাৰ কৰা কিছু সামগ্ৰীৰ জি এছ টি প্ৰক্ৰিয়াটোক সৰল কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল। এই সমিতিখনে কেইবাখনো প্ৰতিবেদন দাখিল কৰিছে। নূন্যতম দৰৰ কিছু সামগ্ৰীত জি এছ টি হ্ৰাস কৰাৰ পৰামৰ্শও দিয়া হৈছে এই প্ৰতিবেদনত।

এতিয়া এই প্ৰতিবেদনক ভিত্তি কৰিয়েই আগন্তুক কিছু দিনৰ ভিতৰতে সাধাৰণ জনতাই ব্যৱহাৰ কৰা কিছু সামগ্ৰীৰ জি এছ টি হ্ৰাস পোৱাৰ সম্ভাৱনা আছে। এই ক্ষেত্ৰত বিত্ত মন্ত্ৰালয়ৰ সৈতে পৰ্যায়ক্ৰমে বৈঠক অনুষ্ঠিত কৰি কেন্দ্ৰীয় বিত্তমন্ত্ৰীয়ে প্ৰধানমন্ত্ৰীক জনাব ইয়াৰ সবিশেষ। 

মোডী চৰকাৰ