/asomiyapratidin/media/media_files/2025/09/04/new-ap-web-2-15-2025-09-04-12-26-25.jpg)
ডিজিটেল ডেস্কঃ কেন্দ্ৰীয় চৰকাৰে জিএছ টি ৰ হাৰ হ্ৰাস কৰাৰ সিদ্ধান্ত গ্ৰহনৰ ফলত সাধাৰণ ভোক্তাৰ দৈনন্দিন ব্যয় উল্লেখযোগ্যভাৱে হ্ৰাস পাব বুলি আশা প্ৰকাশ কৰা হৈছে। চেম্পু, চাবোন, বিস্কুট, চিপচ, খোৱা তেলৰ পৰা আৰম্ভ কৰি বহু FMCG সামগ্ৰীৰ মূল্য হ্ৰাস পাব।
বিত্ত মন্ত্ৰালয়ে জনোৱা অনুসৰি, এই পদক্ষেপৰ মূল উদ্দেশ্য হৈছে ভোক্তাৰ খৰচৰ চাপ কমোৱা আৰু খুচৰা বজাৰক পুনৰুজ্জীৱিত কৰা। FMCG সংস্থাসমূহে ইতিমধ্যেই নতুন মূল্য তালিকা প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিছে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগতে দিয়া প্ৰতিশ্ৰুতিৰ কথাও স্মৰণ কৰাই মন্ত্ৰালয়ে কয় যে, প্ৰতিগৰাকী ভাৰতীয়ই যাতে এইবেলি উৎসৱৰ সময়ছোৱাত আনন্দ মনেৰে বজাৰ কৰিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখযোগ্য যে, প্ৰধানমন্ত্ৰী মোদীয়ে স্বাধীনতা দিৱসৰ ভাষণত চৰকাৰে উৎসৱৰ মাহৰ পূৰ্বে ঘৰুৱা খৰচ লাঘৱ কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ কেইসপ্তাহমানৰ পাছতে কেন্দ্ৰই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী গৰাকীয়ে এই সংস্কাৰক “পৰৱৰ্তী প্ৰজন্মৰ জি এছ টি পৰিৱৰ্তন” বুলি অভিহিত কৰি আদৰণি জনাইছে।