/asomiyapratidin/media/media_files/2025/07/02/ddddd-2025-07-02-12-09-42.jpg)
ডিজিটেল ডেস্কঃ ভাৰত চৰকাৰে ভাৰতীয় সংবিধানৰ এশ এক সংখ্যক সংশোধনী ৰূপায়ণৰ জৰিয়তে ২০১৭ চনৰ ১ জুলাইৰ পৰা কাৰ্যকৰী কৰিছিল জি এছ টি ব্যৱস্থা। ২০২৫ৰ ১জুলাইত এই জি এছ টি ব্যৱস্থাই অতিক্ৰম কৰিলে ৮টাকৈ বছৰ।
উল্লেখ কৰা প্ৰয়োজন যে, চলিত বৰ্ষৰ মে’ মাহত জি এছ টি সংগ্ৰহ আছিল ২.০১ লাখ কোটি টকা। এপ্ৰিল মাহত ২.৩৭ লাখ কোটি টকা আছিল। ২৫ বিত্তীয় বৰ্ষত মাহিলী জি এছ টিৰ গড় ৰাজহ ১.৮৪ লাখ কোটি টকা। ২৪ বিত্তীয় বৰ্ষত ১.৬৮ লাখ কোটি আৰু ২৩ বিত্তীয় বৰ্ষত ১.৫১ লাখ কোটি টকা।
১৯৫৪ চনত ফ্ৰান্সত প্ৰথমবাৰৰ বাবে জি এছ টি কাৰ্যকৰী কৰা হৈছিল। ২০১৭ চনৰ জুলাই মাহত যেতিয়া জি এছ টি প্ৰৱৰ্তন কৰা হৈছিল, তেতিয়া ২- ৩ বছৰৰ পিছত ১৫.৫ শতাংশ ৰাজহ নিৰপেক্ষ হাৰ ৰখাৰ ধাৰণা আছিল। কিন্তু এই হাৰ আজি মাত্ৰ ১১.৪ শতাংশ।
আমোদজনকভাৱে, জি এছ টি গ্ৰহণ কৰা ১৬০খন দেশৰ ভিতৰত মাত্ৰ ৪৯খন দেশেই এটা টেক্স স্লেব মডিউল অনুসৰণ কৰে। ২৮খন দেশত দুটা স্লেব টেক্স মডিউল আছে আৰু বাকী সকলোৱে জি এছ টিৰ গাঁথনিটো দেশ-নিৰ্দিষ্ট প্ৰয়োজনীয়তাৰ সৈতে সংগতি ৰাখি সংশোধন কৰিছে।
নৰেন্দ্ৰ মোডী চৰকাৰে নিৰ্মাণাধীন ঘৰৰ জি এছ টি ১২ শতাংশৰ পৰা পাঁচ শতাংশলৈ হ্ৰাস কৰিলে আৰু “সুলভ মূল্যৰ গৃহ নিৰ্মাণ” খণ্ডত ইয়াক আঠ শতাংশৰ পৰা মাত্ৰ এক শতাংশলৈ হ্ৰাস কৰি পুনৰবাৰ জনপন্থী পন্থাৰ সমৰ্থন জনায়।