/asomiyapratidin/media/media_files/2025/08/22/1ce7a6cf-1a6d-4f8f-8167-6f7464eb7813-2025-08-22-09-13-38.jpg)
ডিজিটেল ডেস্কঃ আগন্তুক দীপাৱলীৰ পূর্বে দেশবাসীৰ বাবে যি 'ডাবল ধামাকা’ৰ প্ৰতিশ্ৰুতি লালকিল্লাৰ পৰা প্ৰদান কৰিছিল প্ৰধানমন্ত্ৰী মোদীয়ে, তাৰেই প্ৰথমটো পদক্ষেপ আজি গ্ৰহণ কৰিলে কেন্দ্ৰীয় চৰকাৰে। বৃহস্পতিবাৰে মন্ত্ৰী গোটৰ বৈঠকত নতুন প্ৰজন্মৰ জি এছ টি বা জি এছ টি ২.০ৰ বাবে সেউজ সংকেত প্ৰদান কৰে মোদী চৰকাৰে।
উল্লেখ্য যে, অক্টোবৰ মাহত দিপাৱলীৰ সময়ত এই নতুন ব্যৱস্থা কাৰ্যকৰী হোৱাৰ সম্ভাৱনা আছে। মন কৰিবলগীয়া যে, নতুন জি এছ টি গাঁথনিত চাৰিটা কৰ ফলকৰ সলনি মাত্ৰ দুটা ফলকহে ৰখা হৈছে- ৫ শতাংশ আৰু ১৮ শতাংশ। বিলাসী সামগ্ৰী আৰু ‘চীন গুডচ’ৰ বাবে সৰ্বোচ্চ ৪০ শতাংশ লেভি ৰখা হ’ব।
বৰ্তমান ১২ শতাংশ স্লেবত থকা সকলো সামগ্ৰীৰ ৯৯ শতাংশ ৫ শতাংশলৈ হ্ৰাস কৰা হৈছে। আকৌ, এতিয়ালৈকে ২৮ শতাংশ স্লেবৰ তলত থকা সকলো সামগ্ৰীৰ প্ৰায় ৯০ শতাংশ ১৮ শতাংশলৈ হ্ৰাস কৰা হৈছে। কৰ হ্ৰাসৰ ফলত বজাৰত উৎপাদিত সামগ্ৰীৰ মূল্যও বহু ক্ষেত্ৰত হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে।
বিহাৰৰ উপ-মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰীৰ নেতৃত্বত ছয়জনীয়া মন্ত্ৰী গোটটোৱে এক বৈঠকত কেন্দ্ৰৰ এই প্ৰস্তাৱত অনুমোদন জনায়। বৈঠকৰ অন্তত তেওঁ কয় যে বিলাসী গাড়ীৰ ওপৰতো ৪০ শতাংশ লেভি আৰোপ কৰাৰ সিদ্ধান্ত লোৱা হৈছে। বৈঠকত উত্তৰ প্ৰদেশৰ বিত্তমন্ত্ৰী সুৰেশ কুমাৰ খান্না, ৰাজস্থানৰ স্বাস্থ্যমন্ত্ৰী গজেন্দ্ৰ সিং, পশ্চিমবংগৰ বিত্তমন্ত্ৰী চন্দ্ৰিমা ভট্টাচাৰ্য, কৰ্ণাটকৰ শুল্ক মন্ত্ৰী কৃষ্ণ বায়ৰেগৌড়া আৰু কেৰেলাৰ বিত্তমন্ত্ৰী কে এন বালাগোপাল উপস্থিত থাকে।
ইফালে, ইয়াৰ পূৰ্বে কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে জি এছ টি পুনৰ্গঠনৰ প্ৰস্তাৱ দাখিল কৰে। নতুন ব্যৱস্থাই সাধাৰণ মানুহ, কৃষক, মধ্যবিত্ত আৰু ক্ষুদ্ৰ ব্যৱসায়ীসকলৰ জীৱন সহজ কৰি তোলাৰ লগতে স্বচ্ছতা বৃদ্ধি কৰিব বুলিও তেওঁ কয়। তদুপৰি স্বাস্থ্য আৰু জীৱন বীমাৰ পৰা জি এছ টি সম্পূৰ্ণৰূপে প্ৰত্যাহাৰ কৰাৰ প্ৰস্তাৱো মন্ত্ৰী গোটৰ বৈঠকত উত্থাপন কৰা হয়। জি এছ টি পৰিষদে এই প্ৰস্তাৱ বিবেচনা কৰা হ’ব বুলি জানিবলৈ দিয়ে। নতুন ব্যৱস্থাই ৰাইজক সকাহ দিব বুলি আশা কৰা হৈছে।