/asomiyapratidin/media/media_files/2025/08/19/new-ap-web-3-9-2025-08-19-18-58-36.jpg)
ডিজিটেল ডেস্কঃ বিপিএফৰ পাছতে গণ সুৰক্ষা পাৰ্টীয়ে ঘোষণা কৰিলে বিটিচি পৰিষদীয় নিৰ্বাচনৰ প্ৰাৰ্থীৰ নাম। তিনিটা পৰিষদীয় সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম ঘোষণা কৰিলে দলটোৱে। ইয়াৰে দিহিৰা সমষ্টি ঘনশ্যাম দাস, বাউখুংৰি সমষ্টিৰ বাবে মৃদুল দাস, যামদুৱাৰ সমষ্টিৰ বাবে বনমালী ৰাভাৰ নাম ঘোষণা কৰা হৈছে।
/filters:format(webp)/asomiyapratidin/media/media_files/2025/08/19/whatsapp-image-2025-08-19-18-55-34.jpeg)
দিহিৰা সমষ্টিৰ প্ৰাৰ্থী হিচাপে তৃতীয় বাৰৰ বাবে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব ঘনশ্যাম দাসে । গণ সুৰক্ষা পাৰ্টীৰ সভাপতি নৱ কুমাৰ শৰণীয়াই নাম ঘোষণা কৰাৰ পাছতে দিহিৰা সমষ্টিত আনন্দৰ পৰিৱেশ। বাক্সা জিলাৰ চৰাইমাৰীত দলীয় কৰ্মী সকলে উষ্ম আদৰণী জনায় ঘনশ্যাম দাসক। ফটকা ফুটাই ঘনশ্যাম দাস জিন্দাবাদ, গণ সুৰক্ষা পাৰ্টী জিন্দাবাদ শ্লোগানেৰে মুখৰিত হয় চৰাইমাৰীৰ আকাশ বতাহ।
সংবাদ মাধ্যমৰ আগত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ঘনশ্যাম দাসে উল্লেখ কৰে যে, দহ বছৰ মই বিটিচিৰ এমচিএলএ হিচাপে কাম কৰিলোঁ । সমষ্টিটোত বেছি কাম বাকী নাই । অসম্পূৰ্ণ কাম এইবাৰ সম্পূৰ্ণ কৰিম । মহিলা তথা নিবনুৱা যুৱক সকলক ফেক্টৰী ইত্যাদি খুলি স্বাৱলম্বী হোৱাত সহায় কৰিম । লগতে কোনো দলেই দিহিৰাত ফেক্টৰ নহয় বুলি কয় প্ৰাৰ্থী গৰাকীয়ে ।