ডিজিটেল সংবাদ,মঙলদৈঃ ভাৰতৰ ৭৬ সংখ্যক গণৰাজ্য দিৱসত অসমক প্ৰতিনিধিত্ব কৰিব দৰং জিলাৰ সমন্বয় আঞ্চলিক মহিলা সমাজ নামৰ অনুষ্ঠানৰ মহিলাসকলে । ৰাষ্টীয় পতাকা উত্তোলনৰ পিচত কৰ্তব্য পথত প্ৰদৰ্শিত হ’ব সৈন্য বাহিনীৰ মাৰ্চপাৰ্চ অনুষ্ঠান। লগে লগে গীত নৃত্যৰে ভাৰত মাতা বন্দনাৰে অগতানুগতিক আৰু বিশাল সাংস্কৃতিক অনুষ্ঠান।
সৈন্য বাহিনীৰ সম্ভাষণৰ পিচত মহামহিম ৰাষ্ট্ৰপতি মহোদয়ক সম্ভাষণ জনাবলৈ দেশৰ কলা-কুশলী আৰু শিল্পী সকলে সাংস্কৃতিক অনুষ্ঠান প্ৰদৰ্শন কৰিব । এই সন্মানীয় অনুষ্ঠানত অসমক প্ৰতিনিধিত্ব কৰা দলটোত প্ৰথম বাৰৰ বাবে দৰং জিলাৰ পৰা এই গৌৰৱ অৰ্জন কৰিব সমন্বয় আঞ্চলিক মহিলা সমাজ নামৰ সুখ্যাত অনুষ্ঠানটিৰ সদস্যসকলে।
ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰণালয়ৰ আমন্ত্ৰণ ক্ৰমে যোৱা ২৫ ডিচেম্বৰ ২০২৪ তাৰিখে যাত্ৰা কৰা সমন্বয় আঞ্চলিক মহিলা সমাজৰ সদস্যসকল এতিয়া দিল্লীত আখৰা কৰাত ব্যস্ত। প্ৰায় এমাহ যোৰা আখৰাৰ অন্তত অসমৰ প্ৰতীক আৰু সংস্কৃতি প্ৰদৰ্শনৰ সৈতে দিল্লীৰ কৰ্তব্য পথত এই দলটি উজলি উঠা দেখা পোৱা যাব।
গুৰুত্বপূৰ্ণ কথা যে দৰঙৰ সমন্বয় আঞ্চলিক মহিলা সমাজ নামৰ অনুষ্ঠানটিয়ে অযোধ্যাৰ ৰাম মন্দিৰ উদঘাটনৰ প্ৰথম অনুষ্ঠানত অংশগ্ৰহণ কৰিছিল। ইতিমধ্যে অসমৰ বিভিন্ন স্থানত তেওঁলোকে বিহু, জেংবিহু, দিহানাম, বিয়ানাম প্ৰদৰ্শন কৰি সুনাম অৰ্জন কৰি আহিছে। সমন্বয় আঞ্চলিক মহিলা সমাজ দৰঙৰ নেতৃত্বত আছে পিংকু মনি হাজৰিকা । সমন্বয়ক মহাশ্বেতা দেৱী, সদস্যা ক্ৰমে বিনিতা চহৰীয়া, সবিতা বৰুৱা ক্ষীৰদা বৰুৱা, ৰাজশ্ৰী ডেকা, লুণাশ্ৰী শিবম, সংগীতা নাথ, ধৰিত্ৰী ৰাজবংশী, জয়শ্ৰী ভূঞা ।