/asomiyapratidin/media/media_files/2025/11/06/1-2025-11-06-18-23-20.jpg)
ডিজিটেল সংবাদ, গহপুৰঃ গহপুৰ সমজিলাৰ ইতিহাস প্ৰসিদ্ধ ভোলাগুৰি চাহ বাগিচাত অহা ৮ নবেম্বৰত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ ভূমিপুজনেৰে আধাৰশিলা স্থাপন কৰিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে।
এই উপলক্ষে আধাৰশিলা স্থাপনৰ ভূমি পূজনৰ বাবে গুৱাহাটীৰ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা ভোলাগুৰি চাহ বাগিচালৈ অনা ২৭০ টা অমৃত কলহ আজি বিয়লি প্ৰায় ৩ বজাত ভোলাগুৰি পায়হি।অমৃত কলহ কঢ়িয়াই অনা পুস্পসজ্জিত বাহনখন ভোলাগুৰি চাহ বাগিচা পোৱাৰ লগে লগে ধুপ ধুনা,পুস্পবৃষ্টি, আয়তীৰ উৰুলি আৰু মংগলধ্বনীৰে এক ভক্তিভৰা পৰিৱেশৰ সৃষ্টি হয় বাগিচাখনৰ বিশ্ববিদ্যালয় স্থাপন হ'বলগীয়া এলেকাটোত।
গুৱাহাটীৰ পৰা আজি পুৱাৰ ভাগত বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱালে আদৰি অনা ২৭০ অমৃত কলহ ঘিলাধাৰী দলঙৰ পৰা ভোলাগুৰি চাহ বাগিচালৈ আদৰি আনে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰে।ইয়াৰ পিছত উক্ত অমৃত কলহ সমূহ আনুষ্ঠানিক ভাৱে গ্ৰহণ কৰে গহপুৰৰ বিধায়ক উৎপল বৰাৰ লগতে গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিঙে।
উক্ত অমৃত কলহ সমূহ গ্ৰহণ কৰি বিধায়ক উৎপল বৰাই ভাষণ প্ৰসংগত কয় যে অহা ৮ নবেম্বৰৰ দিনটো সমগ্ৰ গহপুৰ বাসীৰ বাবে এটা ঐতিহাসিক দিন হৈ ৰ'ব। কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন আৰু ভূমি পূজনৰ বাবে উক্ত অমৃত কলহৰ মাটি ব্যৱহাৰ কৰা হ'ব বুলি উল্লেখ কৰে উৎপল বৰাই।
উল্লেখ্য যে অসম চাহ নিগমৰ অধীনৰ ভোলাগুৰি চাহ বাগিচাৰ ৭৩৮ বিঘা পৰিত্যক্ত ভূমিত অহা ৮ নবেম্বৰৰ পৰা অত্যাধুনিক বিষয়ৰ পাঠ্যক্ৰম সম্বলিত কনকলতা বৰুৱা ৰাজ্যিক বিশ্ববিদ্যালয়ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হ'ব।
আজি অমৃত কলহ গ্ৰহণ কৰাৰ সময়ত গহপুৰৰ বিধায়ক উৎপল বৰা,বিহালীৰ বিধায়ক দিগন্ত ঘাটোৱাল, বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, গহপুৰ সমজিলাৰ আয়ুক্ত আদিত্য প্ৰতাপ সিং,বিহালী সমজিলাৰ আয়ুক্ত প্ৰভাত পেগু,হেলেম ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নমিতা বৰা,বিশ্বনাথ ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মাধুৰ্য্য পৰাশৰ,গহপুৰ সমজিলাৰ সহকাৰী আয়ুক্ত চয়নিকা হাজৰিকা, জিণ্টু শৰ্মা,বিশ্বনাথ জিলা বিজেপিৰ সভাপতি অসীম কুমাৰ দাস আদি উপস্থিত থাকে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us