বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ কাৰ্যালয় সহায়ক গুলজাৰ আলীৰ মৃত্যুত শোক....

বিকালী মহাবিদ্যালয়ত শ্ৰদ্ধাঞ্জলি জ্ঞাপন...

author-image
Asomiya Pratidin
New Update
বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ কাৰ্যালয় সহায়ক গুলজাৰ আলীৰ মৃত্যুত শোক....

GULZAR ALI

ডিজিটেল সংবাদ ধূপধৰাঃ গোৱালপাৰা জিলাৰ ধূপধৰাৰ শাছিবৰী গাঁৱৰ নিৱাসী বিশিষ্ট সমাজকৰ্মী তথা বিকালী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উচ্চবৰ্গৰ কাৰ্যালয় সহায়ক গুলজাৰ আলীৰ সোমবাৰে পুঁৱতি নিশা আকস্মিকভাৱে মৃত্যু হয় ৷ মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৪ বছৰ ৷

Advertisment

তেওঁৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে বৃহত্তৰ ধূপধৰা অঞ্চলত শোকৰ ছাঁ পৰে ৷ পৰিয়ালৰ লোকৰ পৰা জানিব পৰামতে দেওবাৰে নিশা তেওঁ হঠাৎ অসুস্থ হৈ পৰে আৰু ততাতৈয়াকৈ গুৱাহাটীৰ এখন চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে ।

প্ৰয়াত গুলজাৰ আলীৰ নশ্বৰ দেহ সোমবাৰে দুপৰীয়া শাছিবৰীৰ বাসভৱনৰ পৰা সমদল উলিয়াই তেওঁৰ পূৰ্বৰ কৰ্মথলী ধূপধৰাৰ বিকালী মহাবিদ্যালয়ৰ চৌহদলৈ অনা হয় ৷ মহাবিদ্যালয় চৌহদত মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মনোজ গগৈ, অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰীসকলৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে গুলজাৰ আলীৰ নশ্বৰদেহত পুষ্পাঞ্জলি অৰ্পনেৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে, বিকালী মহাবিদ্যালয়ত কৰ্মৰত হৈ থকাৰ সময়ছোৱাত তেওঁ অত্যন্ত সততাৰে তথা সূচাৰুৰূপে নিজৰ কৰ্তব্য পালন কৰা বাবে যথেষ্ট জনপ্ৰিয় আছিল বুলি মহাবিদ্যালয়খনৰ একাংশ কৰ্মচাৰীয়ে জানিবলৈ দিছে ৷ ইফালে প্ৰয়াত গুলজাৰ আলী মৃত্যুৰ আগমুহুৰ্তলৈকে স্থানীয় বিভিন্ন সামাজিক, শৈক্ষিক অনুষ্ঠানৰ উপৰি ধৰ্মীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত ওতপ্ৰোতঃভাৱে জড়িত হৈ আছিল।

মৃত্যুৰ সময়ত তেওঁ মাতৃ, পত্নী, একমাত্ৰ পুত্ৰ আৰু এগৰাকী কন্যাসহ বহুতো আত্মীয় স্বজন আৰু গুনমুগ্ধ এৰি থৈ যায় ৷ সোমবাৰে আবেলি তিনি বজাত শাছিবৰী কবৰস্থানত অসংখ্য গুনমুগ্ধ লোকৰ উপস্থিতিত তেওঁৰ জানাজা সম্পন্ন হয় ৷

BIKALI COLLEGE