/asomiyapratidin/media/media_files/2025/12/28/whatsapp-image-202-2025-12-28-15-05-09.jpeg)
ডিজিটেল ডেস্কঃ চাওতে চাওতে মেলানি মাগিব আৰু এটা বছৰে। সুখ-দুখ হাঁহি ,কান্দোনৰ মাজেৰি পুৰণিক বিদায় দি নতুন বছৰক আদৰাৰ চলিছে ব্যাপক প্ৰস্তুতি। নতুন বছৰৰ প্ৰাকমুহূৰ্তত মনলৈ অহা এটা পুৰণি তথা আপোন শব্দ হৈছে গ্ৰীটিংছ কাৰ্ড। আপোনজনৰ হাতৰ উমাল পৰশে জীপাল কৰা এই কাৰ্ডখনেই আছিল এটা সময়ত মৰমৰ আদান-প্ৰদানৰ এক অন্যতম মাধ্যম। এজনে আনজনক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপনৰ অন্যতম মাধ্যম হিচাপে পৰিচিত আছিল সেই গ্ৰীটিংছ কাৰ্ড।
বিশেষকৈ যুৱপ্ৰজন্মৰ মাজত জনপ্ৰিয় আছিল এই গ্ৰীটিংছ কাৰ্ডসমূহ। প্ৰায় একবিংশ শতিকাৰ প্ৰথম দশকলৈ গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা আৰু চাহিদা বৃদ্ধি হৈ আছিল। কিন্তু এতিয়া সময় সলনি হ'ল। এতিয়া মাথোঁ নষ্টালজিয়া, বুকুৰ মৰমসনা এখিলা সৰাপাত গ্ৰীটিংছ কাৰ্ডবোৰ।
/asomiyapratidin/media/post_attachments/c1d1e533-ed6.jpg)
উল্লেখ্য যে, সহজাত ছ’চিয়েল মাধ্যমৰ সুলভ ব্যৱহাৰ আৰু যান্ত্ৰিকতাৰ কোবাল ঢৌৱে তচনচ কৰি পেলোৱা অতীতৰ ভাললগা সেই সময়বোৰে আপোনাকো নিশ্চয় কন্দুৱায়, কৰি তোলে বেদনা গধুৰ। মনত হয়তো এনে ভাবো আহে, কালৰ বুকুত ক্ৰমান্বয়ে নিঃশেষ হোৱা গ্ৰিটিংছ কাৰ্ডৰ সেই ৰোমাঞ্চকৰ দিনবোৰ যেন আকৌ এবাৰ জীপাল হৈ পৰিব।
আধুনিকতাৰ প্ৰৱল গ্ৰাহে ক্ৰমাৎ নোহোৱা কৰিলে গ্ৰীটিংছ কাৰ্ডৰ জনপ্ৰিয়তা। বৰ্তমান যুগত এই গ্ৰীটিংছ কাৰ্ড ৰ মাদকতা নুবুজে নৱ প্ৰজন্মই। বৰ্তমান সময়ত সতলো ডিজিটেল হ'ল। সকলো বৰ্তমান ব্যস্ত থাকে সামাজিক মাধ্যমত। সময় সলনি হ’ল সময়ৰ লগত খাপ খাব পৰাকৈ সলনি হৈছে মানুহ। এটা সময়ত সেই গ্ৰীটিংছ কাৰ্ডৰ শুভেচ্ছা দিবৰ বাবে টনা আজুৰা লাগিছিল সকলোৰে। বৰ্তমান গ্ৰীটিংছ কাৰ্ড ৰ সলনি WhatsApp,fecebookত এটা মেছেজ দি দিলেই যথেষ্ট।
/asomiyapratidin/media/post_attachments/hindi/sites/default/files/2024/01/01/2556896-new-4-1-808879.jpg)
ইপিনে পূৰ্বতে বিচাৰি ভিৰ কৰা সেই গ্ৰীটিংছ কাৰ্ডসমূহ বিপনীত এতিয়া নিবিচৰা হ'ল গ্ৰাহকে গ্ৰীটিংছ কাৰ্ড। গ্ৰীটিংছ কাৰ্ডৰ বিপনীসমূহৰ বিক্ৰেতাসকলেও যেন সেই গ্ৰীটিংছ কাৰ্ড বিক্ৰীৰ জীপাল অভিজ্ঞতাবোৰ এতিয়াও সোৱঁৰে। মুঠতে সকলো মাথোঁ স্মৃতি।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us