ৰাজপথত সন্ত্ৰাসৰ আন এটা নাম Green Bus

গ্ৰীণ বাছৰ অতপালিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। দ্ৰুতগতিত বৃদ্ধি পাইছে মহানগৰীত গ্ৰীণ বাছৰ দৌৰাত্ম।

author-image
Asomiya Pratidin
New Update
AP WEB 2 (7)

ডিজিটেল সংবাদ, গুৱাহাটীঃ  মহানগৰীত  গ্ৰীণ বাছত সকলোৱে যাত্ৰা কৰিছে। যেতিয়াৰে পৰা মহানগৰীত গ্ৰীণ বাছৰ সুবিধা উপলদ্ধ হৈছে তেতিয়াৰে পৰা প্ৰতিগৰাকী লোকে সেই বাছত কৰ্মস্থলী হওঁক আন কোনো ক্ষেত্ৰলৈ হওঁক যাত্ৰা এবাৰ নহয় এবাৰ নিশ্চয় কৰিছে। কিন্তু এই  গ্ৰীণ বাছ সমূহেই নামি পৰিছে এতিয়া চূড়ান্ত সীমাৰ চৰম অতপালিত । পৰিবহন বিভাগৰ নীতি- নিয়মক কৰেপ নকৰে চালক- পৰিচালকে। 

উল্লেখ্য যে নিতৌ এই গ্ৰীণ বাছৰ অতপালিত অতিষ্ঠ হৈ পৰিছে সাধাৰণ জনতা। দ্ৰুতগতিত বৃদ্ধি পাইছে মহানগৰীত গ্ৰীণ বাছৰ দৌৰাত্ম।  যান-বাহনৰ  নীতি নিয়মক বুঢ়া আঙুলি দেখুৱাই কোনো গুৰু গোঁসাই নামানে এই গ্ৰীণ বাছ সমূহে। 

তাৰোপৰি এইসমূহ  গ্ৰীণ বাছ সমূহ ৰাস্তাত যেতিয়া চলে তেতিয়াই সৰু গাড়ী, পথচাৰী, ৰিক্সা, অটো আদি সেই ৰাস্তাই দি যোৱাত ব্যাপক প্ৰত্যাহ্বানৰ সন্মুখীন হয়। ইমানেই নহয়, অইন বাহনসমূহক অভাৰটেক কৰি এক ভয়ংকৰ পৰিৱেশৰ সৃষ্টি কৰে। যাত্ৰীসকলে নিতৌ মৰণক-শৰণ কৰি এইসমূহ গ্ৰীণ বাছৰে যাত্ৰা কৰিব লগীয়া হয়।

আনফালে যাত্ৰী উঠোৱাক কেন্দ্ৰ কৰি নিতৌ এক অঘোষিত প্ৰতিযোগিতাত নামি পৰিছে এইসমূহ গ্ৰীণ বাছ।  ফলত সৃষ্টি হয় তীব্ৰ যান-জঁটৰ।

তাৰোপৰি জাতীয়তাবাদী নেতা সুকুমাৰ বৰ্মনে  জবাবদিহি কৰে অতপালি চলাই থকা বাছ সমূহক।  ৰাজপথত এতিয়া সন্ত্ৰাসৰ আন এক নাম গ্ৰীণ বাছ। এই ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ ভূমিকা  কি ? কিয় একো ব্যৱস্থা গ্ৰহণ কৰা নাই প্ৰশাসনে। সেয়া যেন এক নুবুজা সাঁথৰ হৈ পৰিছে। 

গুৱাহাটী