/asomiyapratidin/media/media_files/2026/02/02/whatsapp-image-2026-02-2026-02-02-19-15-11.jpeg)
ডিজিটেল ডেস্কঃ ৩১ জানুৱাৰী আৰু ১ ফেব্ৰুৱাৰীত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ গোমতী নগৰত 3rd National Kobudo Martial Arts Championship অনুষ্ঠিত হয়। উক্ত প্ৰতিযোগিতাত অসম ৰাজ্যিক দলৰ হৈ টিম মেনেজাৰ সুকুমাৰ চাংমাই এচিষ্টেণ্ট টিম মেনেজাৰ মাম্পি গণ দে' আৰু Kobudo Martial Arts Association of Assam ৰ সাধাৰণ সম্পাদক তথা মুখ্য প্ৰশিক্ষক ৰাতুল গগৈৰ তত্ত্বাৱধানত চৰাইদেউৰ বৰহাট অঞ্চলৰ নলিনী পথাৰৰ ৰোহিত লিম্বু, বৰহাটৰ প্ৰলীক দে', বৰুৱানগৰৰ মিতালী কৰ্মকাৰ আৰু সাপেখাতীৰ আটাল পথাৰৰ অভিনৱ চাংমাইয়ে অংশগ্ৰহণ কৰি সকলোৱে পদক লাভ কৰিবলৈ সক্ষম হয়।
/asomiyapratidin/media/post_attachments/40e95086-400.png)
উক্ত প্ৰতিযোগিতাত ছোৱালীৰ ১৩ বছৰ ৪৬ কেজি মুকলি শাখাত মিতালী কৰ্মকাৰে সোণৰ পদক লাভ কৰাৰ লগতে ল'ৰা শাখাৰ ১২ বছৰ ৩৫ কেজি আনুধ শাখাত অভিনৱ চাংমাইয়ে ৰূপৰ পদক লাভ কৰে। লগতে ১৩ বছৰ ৪০কেজি অনুৰ্ধ শাখাত ৰোহিত লিম্বুৱে ব্ৰঞ্জৰ পদক আৰু ১১বছৰ ৩০ কেজি অনুৰ্ধ শাখাত প্ৰলীক দেʼ ব্ৰঞ্জৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।
/asomiyapratidin/media/post_attachments/75482ed6-83c.png)
উল্লেখ্য যে, এই প্ৰতিযোগীতাত উত্তৰ প্ৰদেশে শ্ৰেষ্ঠ দল,ৰাজস্থান প্ৰথম ৰানাৰ্ছ আপ দল আৰু অসম দলে দ্বিতীয় ৰানাৰ্ছ আপ দলৰ খিতাপ অৰ্জন কৰে। ইপিনে আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সন্থাৰ স্বীকৃতিপ্ৰাপ্ত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকল চৰাইদেউৰ বৰহাট সমৰকলা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us