দুলীয়াজানত গ্ৰেট খালী...

ডব্লিউডব্লিউই খ্যাত গ্ৰেট খালী বুধবাৰে উপস্থিত হয় দুলীয়াজানত। গ্ৰেট খালীয়ে টিংৰাই চাৰিআলিৰ পানবাৰীস্থিত হিৰ’ মটৰ্ছ ৰকেট ইভিৰ এটা ডিলাৰ মুকলি কৰে।

author-image
Asomiya Pratidin
New Update
দুলীয়াজানত গ্ৰেট খালীৰ ডিলাৰ মুকলি

দুলীয়াজানত গ্ৰেট খালীৰ ডিলাৰ মুকলি

ডিজিটেল ডেস্কঃ ডব্লিউডব্লিউই খ্যাত গ্ৰেট খালী বুধবাৰে উপস্থিত হয় দুলীয়াজানত। গ্ৰেট খালীয়ে টিংৰাই চাৰিআলিৰ পানবাৰীস্থিত হিৰ’ মটৰ্ছ ৰকেট ইভিৰ এটা ডিলাৰ মুকলি কৰে।

উল্লেখযোগ্য যে, হিৰ’ মটৰ্ছ ৰকেট ইভিৰ ব্ৰেণ্ড এম্বেচাদৰ হ'ল বিশ্ব বিখ্যাত মল্লযোদ্ধা গ্ৰেট খালী। দুলীয়াজানত উপস্থিত হোৱাৰ পিছতে গ্ৰেট খালীক ওচৰৰ পৰা চাবলৈ ভিৰ কৰে স্থানীয় লোকসকলে। ইফালে, ডিলাৰ মুকলিৰ পিছত মল্লযোদ্ধাগৰাকীয়ে এখন সংবাদ মেল সম্বোধন কৰি কয়, ''ভাৰতৰ পঞ্জাৱ, হাৰিয়ানা, হিমাচল প্ৰদেশ আদি ঠাইৰ দৰে অসমতো হিৰ’ মটৰ্ছ ৰকেট ইভিৰ ই-ৰিক্সাৰ ডিলাৰ মুকলি কৰা হৈছে।

ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সপোন আছে প্ৰদূষণ মুক্ত ভাৰত গঢ়াৰ। সেয়েহে এই ই-ৰিক্সাৰ জৰিয়তে বহু দুখীয়া তথা নিম্ন মধ্যবিত্ত শ্ৰেণীৰ লোকৰ কৰ্ম সংস্থাপন হোৱাৰ লগতে এখন প্ৰদূষণ মুক্ত ভাৰত গঢ়ি তুলিবলৈ সক্ষম হ'ব।’’ উল্লেখ্য যে, এই ডিলাৰ মুকলি অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে দুলীয়াজানৰ বিধায়ক টেৰছ গোৱালা।

অসম