/asomiyapratidin/media/media_files/2026/02/26/ujjjd-2026-02-26-12-14-32.jpg)
ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ এটা পৰিয়ালৰ ওচৰত ঋণী ব্ৰিটিছ চৰকাৰ। কিন্তু কেনেকৈ? ইয়াৰ অন্তৰালত আছে এটা দীঘলীয়া কাহিনী। এই কাহিনী স্বাধীনোত্তৰ কালৰ। প্ৰথম বিশ্বযুদ্ধৰ সময়ৰ কথা। সেই সময়ত ভাৰতক শাসন ধৰি থকা ব্ৰিটিছ চৰকাৰক হঠাতে প্ৰয়োজন হৈছিল কিছু ধনৰ। যুদ্ধ পৰিস্থিতিৰ বাবে সেই সময়ত ব্ৰিটিছ চৰকাৰৰ হাতত নাছিল পৰ্যাপ্ত ধন।
উপায়ন্তৰ হৈ ব্ৰিটিছ প্ৰশাসনে মধ্যপ্ৰদেশৰ প্ৰতিষ্ঠিত ব্যৱসায়ী ছেথ জুম্মা লাল ৰুথিয়াৰ পৰা ১৯১৭চনতে ধাৰত লৈছিল ৩৫হাজাৰ টকা। জৰুৰীভাৱে এই ধন ব্ৰিটিছ চৰকাৰে ব্যৱসায়ীগৰাকীৰ পৰা লৈ ইয়াৰ বাবে সুদ প্ৰদানৰ প্ৰতিশ্ৰুতিও দিছিল। সেই সময়ত এই ৩৫হাজাৰ টকাৰ মূল্য এতিয়া ৩৫কোটিতকৈ হয়তো কম নহ'ব।
এই ধনৰাশি সুদে-মূলে ব্ৰিটিছ চৰকাৰে ঘূৰাই দিয়াৰ বাবে নথি-পত্ৰও কৰিছিল। কিন্তু দেশ স্বাধীন হোৱাৰ পাছত ব্ৰিটিছ চৰকাৰে পাহৰিলে সেই প্ৰতিশ্ৰুতি। ঘূৰাই নিদিলে ধন। দেশৰ এৰি ব্ৰিটিছ গুছি গ'ল, আনফালে মৃত্যু হ'ল ব্যৱসায়ী ছেথ জুম্মা লাল ৰুথিয়াও।
কিন্তু ১০০বছৰৰো অধিক কাল পাৰ হোৱাৰ পাছত সেই ধন পুনৰ ব্ৰিটিছ চৰকাৰৰ পৰা ঘূৰাই বিচাৰিলে জুম্মা লালৰ আজো নাতিয়ে। ব্ৰিটিছ চৰকাৰে ধন ঘূৰাই দিম বুলি যি নথি-পত্ৰ কৰিছিল সেই সকলোবোৰ উদ্ধাৰ কৰি আইনৰ কাষ চাপিছে আজো নাতিগৰাকী। কেৱল মুদ্ৰস্ফীতিৰ হিচাপত সেই ধন এতিয়া ১.৮৬কোটি টকা হ'ব বুলি কাগজে-কলমে দাবী কৰিছে আজোনাতিগৰাকীয়ে।
জুম্মা লালৰ আজো নাতি বিবেক ৰুথিয়াই ইতিমধ্যে আন্তৰাষ্ট্ৰীয় আদালতৰ কাষ চাপিছে। বিবেক ৰুথিয়াই এই সমগ্ৰ বিষয়ক লৈ সংবাদ মাধ্যত অৱগত কৰা অনুসৰি, এই ধন ব্ৰিটিছ চৰকাৰে লোৱা পিছতে ১৯৩৭চনত ছেথ জুম্মা লালৰ মৃত্যু হয়। বহুদিন ধৰি পৰিয়ালে উক্ত ধন দিয়াৰ কাগজ-পত্ৰ উদ্ধাৰ কৰিব পৰা নাছিল। কিন্তু ২০১৩চনত এই কাগজ-পত্ৰখিনি উদ্ধাৰ কৰি আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিছে পৰিয়ালে।
ব্ৰিটিছ চৰকাৰলৈ আদালতৰ জৰিয়তে আইনী জাননী প্ৰেৰণ কৰা পৰিকল্পনা কৰিছে বিবেক ৰুথিয়াই। উল্লেখ কৰা প্ৰয়োজন যে, মধ্যপ্ৰদেশৰ এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী আছিল ছেথ জুম্মা লাল ৰুথিয়া। কাপোৰ আৰু শস্যৰ খেতিৰে দেশৰ ভিতৰতে এগৰাকী উল্লেখযোগ্য ব্যৱসায়ী আছিল তেওঁ। সেই ব্যৱসায়ীগৰাকীৰ পৰাই ব্ৰিটিছ চৰকাৰে সূদত ধন লৈ উভতাই নিদিয়া খবৰটোৱে এতিয়া সংবাদ শিৰোনাম দখল কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us