/asomiyapratidin/media/media_files/2026/01/08/593-2026-01-08-11-11-36.jpg)
ডিজিটেল সংবাদ, গহপুৰ : বিভিন্ন প্ৰকাৰৰ সুস্বাদ্যু কেক, কেক তৈয়াৰ কৰাৰ সামগ্ৰী, ঘৰতে তৈয়াৰী বিবিধ বিস্কুট, বিহুৰ পিঠা-পনা, মহিলাৰ সাজ-পাৰৰ লগতে ড্ৰয়িং ৰুম সজোৱা সামগ্ৰীৰ এখন বিপণী বুধবাৰে গোপালপুৰত শুভাৰম্ভ কৰা হয়।গহপুৰৰ সমজিলাৰ পুৱ প্ৰান্তৰ গোপালপুৰৰ খাৰণিজানত তথা ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত শুভাৰম্ভ কৰা হয় বিশ্মিতাচ এম্পৰিয়াম নামৰ বিপণীখন।
উল্লেখ্য যে সস্বাদ্যু কেক, বিস্কুট তৈয়াৰ কৰাৰ লগতে বহু যুৱতী-মহিলাক কেক বিস্কুট তৈয়াৰৰ প্ৰশিক্ষণ প্ৰদানেৰে গহপুৰ সমজিলাতে এক সুকীয়া পৰিচয় লাভ কৰা বিশ্মিতা শইকীয়াই নিজাববীয়া প্ৰচেষ্টাৰে আৰম্ভ কৰিছে উক্ত বিপণীখন। বিশ্মিতাচ এম্পৰিয়ামত গ্ৰাহকসকলে ক্ৰয় কৰিব পাৰিব বিশ্মিতা শইকীয়াই নিজ হাতেৰে তৈয়াৰ কৰা বিভিন্ন প্ৰকাৰৰ সুস্বাদ্যু কেক, বিস্কুট, পিজ্জাকে ধৰি খাদ্য সামগ্ৰী।
/filters:format(webp)/asomiyapratidin/media/media_files/2026/01/08/whatsapp-imag-2026-01-08-11-11-53.jpeg)
কেক বিস্কুট তৈয়াৰৰ বাবে প্ৰয়োজন হোৱা সকলো ধৰণৰ সামগ্ৰীও উপলব্ধ কৰা হৈছে বিশ্মিতাচ এম্পৰিয়ামত। ইয়াৰ উপৰিও যুৱতী -মহিলাসকলে নিজৰ পচণ্ড অনুসৰি এক মাৰ্জিত দৰত বিভিন্ন ধৰণৰ সাজ পাৰ ক্ৰয় কৰিব পাৰিব উক্ত বিপণীখনতে।
চাহ, কফি, গাখীৰৰ খোৱাদ লোৱা গ্ৰাহক সকলৰ বাবে এটি "টি পইন্ট"ও সংযোজন থকা বিশ্মিতাচ এম্পৰিয়াম স্বাস্থ্যজনিত বিভিন্ন বীমা অৰ্থাৎ হেল্থ ইঞ্চুৰেঞ্চৰ সেৱাও লাভ কৰিব ৰাইজে। বিশ্মিতাচ এম্পৰিয়ামত কেক, বিস্কুট অথবা বিভিন্ন সামগ্ৰী ক্ৰয় কৰাৰ ক্ষেত্ৰত বিশ্মিতা শইকীয়াক 6001835814 এই নম্বৰত যোগাযোগ কৰিব পাৰিব।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us