গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত অনুষ্ঠিত হ'ল 'প্ৰথম জিপিচি মহিলা সাংবাদিক সন্মিলন'

গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু নন্দিনী আলোচনীৰ সহযোগত শুকুৰবাৰে প্ৰেছ ক্লাবৰ বাকৰিত অনুষ্ঠিত হ'ল প্ৰথম জিপিচি মহিলা সাংবাদিক সন্মিলন।

author-image
Asomiya Pratidin
New Update
lets talk

ডিজিটেল ডেস্কঃ গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আৰু নন্দিনী আলোচনীৰ সহযোগত শুকুৰবাৰে প্ৰেছ ক্লাবৰ বাকৰিত অনুষ্ঠিত হ'ল প্ৰথম জিপিচি মহিলা সাংবাদিক সন্মিলন। 'নন্দিনী Let's Talk' শীৰ্ষক অনুষ্ঠানটিত কেইবাটাও শিতানত মহিলা সাংবাদিকসকলৰ কৰ্মক্ষেত্ৰৰ ভিন্ন অভিজ্ঞতাক সামৰি এক মনোগ্ৰাহী অনুষ্ঠান অনুষ্ঠিত হয়।

{2F85818A-DB04-4E0E-AC2E-6E5251C18FB6}.png

এই সন্মিলনৰ শুভ উদ্বোধক তথা মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰেছ ক্লাব অৱ ইণ্ডিয়াৰ নৱনিৰ্বাচিত সভাপতি, জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰটি। জ্যেষ্ঠ সাংবাদিকগৰাকীক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰে সভাপতি খগেন কলিতাই। মছফিকা আহমেদে আঁত ধৰা অনুষ্ঠানটিত আদৰণি ভাষণ আগবঢ়াই গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক অমৰেন্দ্ৰ ডেকাই। ভাষণত আজিৰ সমাজ ব্যৱস্থাত মনোৰঞ্জন, ক্ৰীড়া, সাংবাদিকতা আদি বিভিন্ন ক্ষেত্ৰত পুৰুষৰ সমানে নাৰীৰ অগ্ৰগামী যাত্ৰাৰ কথা উল্লেখ কৰে অমৰেন্দ্ৰ ডেকাই। লগতে আগন্তুক সময়ত সমগ্ৰ অসমৰ সাংবাদিকসকলক লৈ এক সমাৰোহ আয়োজনৰ পৰিকল্পনাৰ কথাও কৰে উল্লেখ । 

MAAM

এই অনুষ্ঠানত প্ৰায় তিনি দশক ধৰি সক্ৰিয়তাৰে আৰু নিৰবিচ্ছিন্নভাৱে দেশৰ সংবাদ ক্ষেত্ৰলৈ সেৱা আগবঢ়োৱা জ্যেষ্ঠ সাংবাদিক সংগীতা বৰুৱা পিছাৰটিয়ে নিজৰ ভাষণত সাংবাদিকতাৰ ক্ষেত্ৰখনৰ সাম্প্ৰতিক পৰিৱৰ্তিত ৰূপ তথা সন্মুখলৈ অহা প্ৰত্যাহ্বানসমূহৰে কিদৰে মোকাবিলা কৰিব পাৰি সেই সম্বন্ধে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। তেওঁ কয় যে, 'আমাৰ কৰ্মক সংবিধানে স্বীকৃতি দিছে। গণতন্ত্ৰত সংবাদ মাধ্যমৰ ভূমিকা তথা গুৰুত্বৰ কথা সকলোৱে জানে। সেয়ে আমি কাকো প্ৰশ্ন কৰিবলৈ ভয় কৰিব নালাগে। শাসনত থকাসকলক প্ৰশ্ন কৰাটো আমাৰ কৰ্তব্য। সাংবাদিকৰ কৰ্মই হৈছে ৰাইজৰ কণ্ঠ হৈ থিয় দিয়া।'

MAINI MAHANTA

ইফালে, বিভিন্ন সময়ত সাংবাদিকসকলক একাংশ শাসকীয় দলৰ নেতা-মন্ত্ৰীয়ে দুৰ্ব্যৱহাৰ কৰা সন্দৰ্ভতো সৰৱ হ'ল জ্যেষ্ঠ সাংবাদিকগৰাকী। তেওঁ উল্লেখ কৰে যে, 'অসমৰ সাংবাদিকক নেতা-মন্ত্ৰীয়ে কৰা দুৰ্ব্যৱহাৰক লৈ দিল্লীত চৰ্চা হয়। কিন্তু অসমৰ সাংবাদিকসকলে মানুহৰ হৈ প্ৰশ্ন কৰিবলৈ আপোচ নকৰিব। সাংবাদিকৰ প্ৰশ্নত যেতিয়া মন্ত্ৰী, আমোলাৰ উত্তৰ নাথাকে সেয়াহে বাতৰি হোৱা উচিত।'

{BE22848E-78DD-400A-B45F-836BE29A45CA}.png

আনহাতে, মহিলা সাংবাদিক সন্মিলনখনত বিশেষভাৱে সহযোগিতা আগবঢ়োৱা নন্দিনী আলোচনীৰ হৈ অনুষ্ঠানত উপস্থিত থাকে সাদিন-প্ৰতিদিন গোষ্ঠীৰ মুখ্য পৰিচালন সঞ্চালিকা স্মিতাক্ষী বি গোস্বামী আৰু নন্দিনীৰ সম্পাদক মাইনী মহন্ত। দুয়োগৰাকী অতিথিক আয়োজক সমিতিৰ হৈ সম্বৰ্ধনা জনাই গুৱাহাটী প্ৰেছ ক্লাবৰ উপ-সভাপতি ৰঞ্জিতা ৰাভা আৰু সহকাৰী সাধাৰণ সম্পাদক পদ্মিনী হাজৰিকাই।

WhatsApp Image 2025-12-26 at 9.48.24 PM

ভাষণ প্ৰসংগত স্মিতাক্ষী বি গোস্বামীয়ে সাংবাদিকতাৰ ক্ষেত্ৰখনৰ কংটকময় যাত্ৰাত কেতিয়াও থমকি নোৰোৱাকৈ, আপোচবিহীনভাৱে কাম কৰি যাবলৈ মহিলা সাংবাদিকসকলক আহ্বান জনায়। নন্দিনীৰ সম্পাদক মাইনী মহন্তই আগবঢ়োৱা বক্তব্যত বৰ্তমানৰ সাংবাদিকতাত আত্মবিশ্লেষণৰ প্ৰয়োজনীয়তা আহি পৰিছে বুলি তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে।

WhatsApp Image 2025-12-26 at 9.33.18 PM

মহিলা সাংবাদিক সন্মিলনখনৰ 'মোৰ জীৱন,মোৰ কাহিনী' শীৰ্ষক শিতানত এক বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়। এই কাৰ্যসূচীত বক্তা হিচাপে অংশগ্ৰহণ কৰে মৌচুমী শৰ্মা বৰুৱা আৰু মল্লিকা কলিতা। ইয়াৰ পিছতেই 'মই আৰু মোৰ সাংবাদিকতা' শীৰ্ষক শিতানত বিশেষ আলোচনাচক্ৰ অনুষ্ঠিত হয়। দুৰ্বা ঘোষ আৰু অঞ্জুমনি বৰদলৈয়ে পৰিচালনা কৰা এই কাৰ্যসূচীত পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰে আফ্ৰিদা হুছেইন, অনামিকা ৰাজকোঁৱৰ, মনীষা কলিতা আৰু সুকৃতা বৰুৱাই।

WhatsApp Image 2025-12-26 at 9.33.19 PM

আনহাতে, এই সন্মিলনত 'কৰ্মক্ষেত্ৰত মহিলা সাংবাদিকৰ প্ৰত্যাহ্বান আৰু সম্ভাৱনীয়তা' শীৰ্ষক বিষয়টো এক গাম্ভীৰ্যপূৰ্ণ আলোচনা অনুষ্ঠিত হয়। বিদিশা সিনহাই পৰিচালনা কৰা এই কাৰ্যসূচীত পেনেলিষ্ট হিচাপে অংশগ্ৰহণ কৰে স্বপ্না বেজবৰুৱা, চেমিম চুলতানা আহমেদ আৰু জুবি শইকীয়া আৰু মানশ্বিনী মহন্তই। উপস্থিত আটাইকেইগৰাকী মহিলা সাংবাদিকে আলোচ্য বিষয়ৰ সন্দৰ্ভত নিজৰ বক্তব্য আগবঢ়ায়।

WhatsApp Image 2025-12-26 at 9.47.02 PM

ইফালে, এই অনুষ্ঠানতে শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ ‘যুৱ লেখক’ বঁটাপ্ৰাপক কেইবাগৰাকীও সাংবাদিকক গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা সম্বৰ্ধনা জনোৱা হয়। গুৱাহাটী প্ৰেছ ক্লাবৰ উদ্যোগত আয়োজিত এই মহিলা সাংবাদিক সন্মিলনত গুৱাহাটীত কৰ্মৰত প্ৰায় ২০০ গৰাকী সাংবাদিকে অংশগ্ৰহণ কৰে। 

গুৱাহাটী প্ৰেছ ক্লাব